১৫১ তম গান্ধী জয়ন্তী উপলক্ষে ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্ক : দেশৰ পিতা মহাত্মা গান্ধী ১৫১ বছৰীয়া জন্মবাৰ্ষিকী। দেশখনক স্বাধীনতা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মহাত্মা গান্ধীয়ে । ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁক তেওঁৰ জন্মদিবসত ৰাজঘাটতত শ্ৰদ্ধাঞ্জলী ঞ্জাপন কৰে ।

শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ৰাষ্ট্ৰপতিয়ে কয় “আমি গান্ধী জয়ন্তী উপলক্ষে পুনৰ সংকল্প লওঁ যে আমি সদায় সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰি আৰু এক পৰিষ্কাৰ, সুকীয়া, শক্তিশালী আৰু সামগ্ৰিক ভাৰত গঢ়ি গান্ধীজীৰ স্বপ্ন সফল কৰিম। ‘

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ‘গান্ধী জয়ন্তীৰ অনুষ্ঠানত তেখেতক স্মৰন কৰোঁ। তেখেতৰ জীৱন আৰু মহান ধাৰণাবোৰৰ পৰা যথেষ্ট শিকিবলৈ আছে। বাপুৰ আদৰ্শই আমাক বিকাশ আৰু সফল ভাৰত নিৰ্মাণত সহায় কৰিব।

The post ১৫১ তম গান্ধী জয়ন্তী উপলক্ষে ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোডীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jtp14o
via IFTTT

Comments