ৰাহুল গান্ধীক আৰক্ষীৰ আতিশয্য: প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ যুৱ কংগ্ৰেছৰ

উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ওপৰত আৰক্ষীয়ে আতিশয্য চলোৱাৰ অভিযোগত মাৰ্ঘেৰিটাৰ লেখাপানীত যুৱ কংগ্রেছে বৃহস্পতিবাৰে সন্ধিয়া প্রায় ৯ বজাত প্রতিবাদ সাব্যস্ত কৰে।

প্রতিবাদকাৰী সকলে  প্রধানমন্ত্রী মোদীৰ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ জুমুঠি দাহ কৰি প্রতিবাদ জনায়।

প্রতিবাদকাৰী সকলে বিজেপি চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা ব্লক মণ্ডল যুৱ কংগ্রেছৰ উদ্যোগত চাৰি মাইলত ৰূপায়ন কৰা এই প্রতিবাদী কায্যসূচীত জিলা যুৱ  কংগ্রেছৰ নেতা গৌৰব শৰ্মা, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ যুৱ কংগ্রেছৰ নেতা প্ৰাঞ্জল চেতিয়া ,মাৰ্ঘেৰিটা ব্লক যুৱ কংগ্রেছৰ সভাপতি দেব গুৰুং সহ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে।

প্রতিবাদকাৰী সকলে ৰাহুল গান্ধীক আতিশয্য চলোৱাৰ প্রতিবাদ জনোৱাৰ লগতে  উত্তৰ প্ৰদেশত শেহতীয়াকৈ সংঘটিত হোৱা ১৯ বছৰীয়া যুৱতী গৰাকীক ধৰ্ষণ কৰি  হত্যা কৰা ঘটনাৰ ন্যায় প্রদানৰ দাবী জনাই পৰিৱেশ উত্তাল কৰি তোলে।

The post ৰাহুল গান্ধীক আৰক্ষীৰ আতিশয্য: প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ যুৱ কংগ্ৰেছৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/36wzSXg
via IFTTT

Comments