উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী; সম্পূৰ্ণ তালিকা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত মুঠ ২৪ জন শিক্ষাৰ্থীয়ে শীর্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিছে।

৪৭১ নম্বৰেৰ প্ৰথম স্থান অধিকাৰ কৰিছে চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ তৃষ্ণা মহেশ্বৰীয়ে।

দ্বিতীয় স্থানত আছে সৰ্পিত কোৰ, সোণাৰী জুনিয়ৰ কলেজ, চৰাইদেউ, ৪৬৮মুঠ নম্বৰ।

তৃতীয় স্থানত আছে বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ কাছাৰ। ৪৬৬ নম্বৰ লাভ কৰিছে।

চতুৰ্থ স্থানত ৪৬৫ নম্বৰেৰে আছে তিনিজন মেধাৱী শিক্ষাৰ্থী। ইয়াৰে জ্ঞানদ্বীপ দুৱাৰ, ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, গোলাঘাট, সুৰভি দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ হোজাই আৰু পিয়ু দাস, দিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজ, লখিমপুৰ।

পঞ্চম স্থানতো ৪৬০ নম্বৰেৰে তিনিজন মেধাৱী। প্ৰেৰণা দুৱাৰ আৰু আস্থা চৌধুৰী চল্টব্ৰুক একাডেমি ডিব্ৰুগড় আৰু অংকুৰ জ্যোতি ভূঞা, জেবি কলেজ, যোৰহাট।

৪৫৭ নম্বৰেৰে ষষ্ঠ স্থানত আছে দুজন মেধাৱী। শ্ৰুতি জৈন, ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলং আৰু কাৰ্তিক ধাৰিৱাল, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

সপ্তম স্থানত ৪৫৪ নম্বৰেৰে আছে দুজন মেধাৱী। আৰিজিৎ সাহা, বঙাইগাঁও কলেজ আৰু ৰোহিত আগৰৱাল, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ, তিনিচুকীয়া।

৪৫৩ নম্বৰেৰে অষ্টম স্থানত আছে চাৰিজন শিক্ষাৰ্থী।ৱসুমিতা ৰয়, বিবেকানন্দ জুনিয় কলেজ কাছাৰ, প্রিয়া জৈন আৰু তৃষ্ণা দেৱী নলবাৰী কমাৰ্চ কলেজ আৰু মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।

নৱম স্থানত ৪৫২নম্বৰে আছে তিনিজন মেধাৱী।

আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, চিমি দাস গুৱাহাটী কমাৰ্চ কলেজ আৰু সংগীনা খাতুন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ।

দশম স্থানত ৪৫১ নম্বৰেৰে আছে তিনিজন মেধাৱী। নলিনী জামাৰ, এন ই এফ কলেজ, কামৰূপ(ম), সাক্ষী গোৱাল সাহা কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম) আৰু মধুসূদন শৰ্মা ডিক্ৰং নেচনেল কলেজ লখিমপুৰ।

The post উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী; সম্পূৰ্ণ তালিকা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3fZbcIO
via IFTTT

Comments