উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ শীর্ষ ১০ টা স্থানত আছে মুঠ ২৫ জন মেধাৱী শিক্ষাৰ্থী।

৪৮৬ নম্বৰেৰে প্ৰথম স্থানত আছে আনন্দৰাম বৰুৱা একাডেমি, বৰপেটাৰ অবিনাশ কলিতা।

দ্বিতীয় স্থানত ৪৮২ নম্বৰেৰে নিয়েমা ফিৰোদশ, কনচেপ্ট জুনিয়ৰ কলেজ নগাঁও।

৪৮১ নম্বৰেৰে তৃতীয় স্থানত আছে প্ৰিটপল বেজবৰুৱা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (ম)।

চতুৰ্থ স্থানত ৪৭৯ নম্বৰেৰে আছে দুজন মেধাৱী শিক্ষাৰ্থী। নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি বৰপেটা আৰু সাগৰ গোৱালা, ৰামানুজ জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭৮ নম্বৰেৰ্ আছে আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

৪৭৭ নম্বৰেৰে ষষ্ঠ স্থানত আছে তিনিজন মেধাৱী শিক্ষাৰ্থী। অৰ্জুন বৰগোঁহাই, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়, আয়োশী কাব্ৰা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ(ম) আৰু বিৰেনজিৎ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

সপ্তম স্থানত ৪৭৬ নম্বৰেৰে আছে সাতগৰাকী শিক্ষাৰ্থী। শুভাশীষ ভূমিক, গোৱালপাৰা কলেজ, অম্লান জ্যোতি পেগু আৰু সবনম গুঞ্জন বৰুৱা ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও, বিভাশ কাফলে আৰু অংশুমালি শৰ্মা তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ।

অষ্টম স্থানত ৪৭৫ নম্বৰেৰে আছে চাৰিজন শিক্ষাৰ্থী। মনীৰুল ইছলাম, চিনময় নাথ, আমিসা সিং আৰু হিমাঞ্জলি বুঢ়াগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

নৱম স্থানত ৪৭৪ নম্বৰেৰে আছে তিনিজন শিক্ষাৰ্থী। আসিফা নাজিন লস্কৰ, মাৰায়াম আজমল মহিলা কলেজ চাইন্স অফ টেকন’লজি হোজাই, উৎপল ৰাজ কেম্প্ৰায়, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও আৰু শিৱানুজ বৰকটকী অৰুণোদয় একাডেমি শিৱসাগৰ।

দশম স্থানত ৪৭৩ নম্বৰেৰে আছে চাৰিজন শিক্ষাৰ্থী। কুনাল তালুকদাৰ আনন্দৰাম বৰুৱা একাডেমি বৰপেটা, অভিজিত চৌধুৰী কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ বৰপেটা, ইফটিকা আহমেদ আৰু অংকিতা শইকীয়া ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

The post উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/31l5ZXH
via IFTTT

Comments