ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত ক’ৰ’না; আক্ৰান্তৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ
দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ইয়াৰ ভয়াবহতাৰ ইংগিত বহন কৰিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৮,১৮৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪০১ গৰাকী ৰোগী।
আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।
দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪,৯১,১৭০ গৰাকী আৰু মৃত্যু হৈছে ১৫৩০৮ গৰাকী।
উল্লেখ্য যে দেশত এতিয়া ১,৯০,১৩৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২,৮৫,৬৭১ গৰাকী ক’ৰ’না মুক্ত হৈছে।
২৫ জুন অৰ্থাৎ বৃহস্পতিবাৰে ১৩,৯৮৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।
ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।
ইফালে, বৃহস্পতিবাৰে ক’্’নাৰ বিস্ফোৰণ ঘটিছে মহাৰাষ্ট্ৰ, দিল্লী আৰু তামিলনাডুত। যোৱা ২৪ ঘণ্টাত এই তিনিখন ৰাজ্যৰ পৰা মুঠ ১১৫০০ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।
মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৪৮৪২, দিল্লীত ৩৩৯০ আৰু তামিলনাডুত ৩৫০৯ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।
The post ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত ক’ৰ’না; আক্ৰান্তৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3fZ3FcH
via IFTTT
Comments
Post a Comment