উচ্চতৰ মাধ্যমিকৰ ফলাফল: কলাত দৰং, বিজ্ঞানত শিৱসাগৰ আৰু বাণিজ্যৰ শীৰ্ষত একেলগে চিৰাং,মাজুলী, পশ্চিম কাৰ্বি আংলং জিলা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিভিন্ন শাখাত পাঁচখন জিলাই শীৰ্ষস্থান দখল কৰিছে।

কলা শাখাৰ ফলাফলত দৰং জিলাই শীৰ্ষস্থান লাভ কৰিছে।

জিলাখনত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৫০৪৯ গৰাকী ৷

ইয়াৰে প্ৰথম বিভাগত ১০২৩গৰাকী, দ্বিতীয় বিভাগত ১৭১৭ গৰাকী আৰু তৃতীয় বিভাগত ১৭৫৭ গৰাকী উত্তীৰ্ণ হয় ৷

জিলাখনত মুঠ উত্তীৰ্ণ হয় ৪৪৯৭গৰাকী পৰীক্ষাৰ্থী ৷ উত্তীৰ্ণৰ হাৰ ৮৯.০৭ শতাংশ ৷

সেইদৰে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হিচাপে শীৰ্ষ স্থানত আছে শিবসাগৰ জিলা।

জিলাখনত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ১১৬৭গৰাকী ৷ ইয়াৰে ৭২১ গৰাকী প্ৰথম, ৩৩৫ গৰাকী দ্বিতীয় আৰু ৬৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে।

জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৫.৯৭ শতাংশ ৷

আনহাতে, বানিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে তিনিখনকৈ জিলা ৷

চিৰাঙত  মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৩৭ গৰাকী। ইয়াৰে ১৩ গৰাকীয়ে প্ৰথম, ৮ গৰাকীয়ে দ্বিতীয় আৰু ১৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷

মাজুলীত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ২৭ গৰাকী। ইয়াৰে ৩ গৰাকী প্ৰথম,১০গৰাকী দ্বিতীয় আৰু ১৪গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

সেইদৰে, পশ্চিম কাৰ্বি আলংত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৬গৰাকী। ইয়াৰে এগৰাকী প্ৰথম বিভাগত, এগৰাকী দ্বিতীয় বিভাগত আৰু ৪গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

The post উচ্চতৰ মাধ্যমিকৰ ফলাফল: কলাত দৰং, বিজ্ঞানত শিৱসাগৰ আৰু বাণিজ্যৰ শীৰ্ষত একেলগে চিৰাং,মাজুলী, পশ্চিম কাৰ্বি আংলং জিলা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2B91qET
via IFTTT

Comments