ল’কডাউনৰ নিয়ম উলংঘাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন সিঙক ৫০০ টকাৰ জৰিমনা, গাড়ী জব্দ
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জাৰি কৰা ল’কডাউনৰ নীতি-নিৰ্দেশনা উলংঘা কৰাৰ বাবে চেন্নাইত জৰিমনাৰ সন্মুখিন হ’বলগীয়া হৈছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন সিং।
৫৬ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে পাচলি ক্ৰয় কৰিবলৈ যোৱা সময়তে ল’কডাউনৰ নিৰ্দেশনা উলংঘা কৰিছিল আৰু সেই সয়মত ৰবীন সিঙক আৰক্ষীয়ে আটক কৰে আৰু ৫০০ টকাৰ জৰিমনা আদায় লয়।
আৰক্ষীয়ে ৰবীন সিঙৰ বাহনখনো জব্দ কৰে।
জানিব পৰা মতে, আৰক্ষীয়ে ৰবীন সিঙৰ বাহনখন চেন্নাইৰ শাস্ত্ৰী নগৰ আৰক্ষী থানালৈ লৈ গৈছে।
ৰবীন সিং ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হোৱাৰ লগতে বৰ্তমান আই পি এলৰ দল মুম্বাই ইণ্ডিয়ানছৰ ফিল্ডিং প্ৰশিক্ষক।
ৰবীন সিঙে ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপেও কাম কৰিছিল।
উল্লেখযোগ্য যে, ভাৰতৰ ভিতৰত চেন্নাইতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে।
চেন্নাইত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে চেন্নাই আৰক্ষীৰ লগতে প্ৰশাসন।
ৰাজহুৱা স্থানত সামাজিক দূৰত্ব বজাই নৰখা আৰু মাস্ক পৰিধান নকৰা লোক সকলৰ বিৰুদ্ধে চেন্নাই আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱা দেখা গৈছে।
The post ল’কডাউনৰ নিয়ম উলংঘাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন সিঙক ৫০০ টকাৰ জৰিমনা, গাড়ী জব্দ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3i2Qrh4
via IFTTT
Comments
Post a Comment