অভিনেতা ইৰফান খানৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হ’ল সংগীত পৰিচালক ৱাজিদ খানক
বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৱাজিদ খানৰ আকস্মিক মৃত্যুত গোটেই সংগীত জগততে শোকৰ ছাঁ পৰে।
সোমবাৰে পুৱতি নিশা জনপ্ৰিয় চাজিদ-ৱাজিদ যুটীৰ ৱাজিদ খানৰ পৰলোক প্ৰাপ্তি ঘটে। তেওঁক মুম্বাইৰ ভাৰ্ছ’ভা সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হয়।
বাতৰি অনুসৰি, ভাৰ্ছ’ভা সমাধিক্ষেত্ৰত অভিনেতা ইৰফান খানক সমাধিস্থ কৰা সমাধিৰ কাষতে ৱাজিদ খানকো সমাধিস্থ কৰা হয়।
ৱাজিন খানৰ অন্তিম সৎকাৰৰ সময়ত পৰিয়ালৰ মাত্ৰ দুজন লোক উপস্থিত থাকে আৰু তেওঁক ইৰফান খানৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হয়।
যোৱা ২৯ এপ্ৰিলত দীৰ্ঘদিন ধৰি কেন্সাৰৰ সৈতে যুঁজ দি প্ৰসিদ্ধ অভিনেতা ইৰফান খানৰ পৰলোকপ্ৰাপ্তি ঘটিছিল।
বাতৰি অনুসৰি, সমাধিক্ষেত্ৰত জনপ্ৰিয় সংগীত পৰিচালকগৰাকীৰ অন্তিম সৎকাৰ সন্ধিয়া ঠিক পাঁচ বজাত পবিত্ৰ আজানৰ সময়তে সম্পন্ন কৰা হয়।
আনহাতে, ৱাজিদ খানৰ শেষ বিদায় পৰ্বত উপস্থিত থকা তেওঁৰ সংগী চাজিদ কান্দোনত ভাগি পৰে। এগৰাকী ভাতৃক হেৰুওৱাৰ বেদনাত চাজিদ উচুপি উঠে।
সংগীত পৰিচালক ৱাজিদৰ মৃত্যুৰ পাছৰে পৰা বলীউদৰ সংগীত শিল্পী, পৰিচালক, অভিনেতাকে ধৰি সকলোৱে প্ৰয়াত সংগীত পৰিচালক গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।
The post অভিনেতা ইৰফান খানৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হ’ল সংগীত পৰিচালক ৱাজিদ খানক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Xm9MBA
via IFTTT
Comments
Post a Comment