ভাৰতীয় সীমাত প্ৰৱেশৰ চেষ্টা চীনৰ যুদ্ধ বিমানৰ; সষ্টম ভাৰতীয় বায়ু সেনা

ভাৰত আৰু চীনৰ লাডাখ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশৰ সেনাৰ গতিবিধি বৃদ্ধিয়ে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে।

জানিব পৰা মতে লাডাখৰ পৰা মাত্ৰ ৩০-৩৫ কিলোমিটাৰ নিলগত চীনা সেনাই যুদ্ধ বিমান উৰুৱাই তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

চীনা সেনাৰ এনে কাৰ্যৰ পিছতেই সতৰ্ক হৈছে ভাৰতীয় বায়ু সেনা।

সেনাৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, চীনে লাডাখ সীমান্তত প্ৰায় ১০-১২ খন যুদ্ধ বিমান সাজু কৰি ৰাখিছে।

যুদ্ধৰ বাবে সাজু কৰি ৰখা এই বিমান কেইখনে ভাৰতীয় সেনাৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান নিলগত উৰুওৱা পৰিলক্ষিত হৈছে।

ভাৰতীয় সীমাৰ সমীপতে নিৰ্মাণ কৰা হোটন গৰগাংছা বিমান বন্দৰৰ পৰাই চীনে যুদ্ধৰ আখৰা আৰম্ভ কৰিছে।

উল্লেখ্য যে এই বিমান বন্দৰটোত চীনৰ যুদ্ধ বিমানৰ লগতে পাকিস্তানৰ বায়ু সেনায়েও অনুশীলন চলাই আছে। সেয়ে এই বিমান ঘাটিটোত ভাৰতীয় বায়ু সেনাই চোকা নজৰত ৰখাৰ কথা উল্লেখ কৰে।

ইফালে ভাৰতীয় বায়ু সেনাইও চীনৰ বিৰুদ্ধে যুঁজিবলৈ চুখোই-৩০ এম কে আই বিমান সাজু কৰি ৰাখিছে সীমান্তত।

ক’ৰ’না ভাইৰাছ মহামাৰীয়ে বিশ্বক আতংকিত কৰি ৰখাৰ সময়তে চীনৰ আক্ৰমাণাত্মক ৰূপে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

The post ভাৰতীয় সীমাত প্ৰৱেশৰ চেষ্টা চীনৰ যুদ্ধ বিমানৰ; সষ্টম ভাৰতীয় বায়ু সেনা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Xmu3a7
via IFTTT

Comments