বঙাইগাঁৱৰ কোকিলাত গৰু চোৰ সজাই মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ
বঙাইগাঁও জিলাৰ কোকিলাত দেওবাৰে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক গৰু চোৰ সজাই একাংশ লোকে শাৰীৰিক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মাজৰপাৰা গাঁৱৰ লালচান্দ আলীৰ পুত্ৰ বছিৰ উদ্দিন (৩০) নামৰ যুৱকজন বৰপেটা জিলাৰ খৰিছালা বজাৰলৈ গৈছিল।
উভতি অহাৰ সময়ত যুৱকজনে খৰিছালা বজাৰৰ পৰা ৰাস্তা পাহৰি ঘৰমূৱা ৰাস্তাৰ পৰিৱৰ্তে ধৰ্মপুৰ লৈ যায়। পিছে জানিব পৰা মতে ঝাউবাৰী গাঁও পঞ্চায়তৰ ১০ নং খণ্ডত প্ৰৱেশ কৰে যুৱকজন।
অভিযোগ অনুসৰি মতে হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতি থকা গাওঁখনত প্ৰৱেশ কৰাত যুৱকজনক একাংশ লোকে গৰু চোৰৰ অভিযোগ তুলি বেয়াকৈ শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।
খবৰ লাভ কৰি যুৱকজনৰ অভিভাৱক ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰৰ মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰমাণপত্ৰ দেখাই বহুত কাকতি মিনতি কৰে যদিও তেওঁলোকৰ কথাত কোনো গুৰুত্ব নিদিয়ে।
পিছত একাংশ সচেতন ৰাইজ আৰু আন এখন গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত মানসিক বিকাৰগ্ৰস্ত যুৱকজনক উদ্ধাৰ কৰা হয়।
কোকিলাৰ ৰাইজে ঘটনাটোৰ তদন্ত কৰি অভিযুক্তসকলক উপযুক্ত শা্স্তি দিবলৈ বঙাইগাঁও জিলা প্ৰসাশনক দাবী জনায়।
The post বঙাইগাঁৱৰ কোকিলাত গৰু চোৰ সজাই মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2yPF22g
via IFTTT
Comments
Post a Comment