সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে নিশা সোনাজুৰিৰ লাংখাং অঞ্চলৰ পৰা এখন গাড়ী সহ বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ সহযোগত আৰু বনপালক প্ৰণৱ বৰাৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে নিশা প্ৰায় ১১.৩০ বজাত সোনাজুৰিৰ লাংখাং অঞ্চলত এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই চোৰাং কাঠ কঢ়িয়াই অনা এএছ-১২-ই-৮৫৮০ নম্বৰৰ এখন টাটা ডি আই গাড়ী জব্দ কৰে।
নিশা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শাল বগী পমা আৰু আহৈ কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা উক্ত গাড়ীখন বৰ্তমান শালনা বন কাৰ্যালয়ত ৰখা হৈছে বুলি জানিবলৈ দিয়ে৷ আনহাতে বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে বৃহস্পতিবাৰে নিশা অভিযান চলোৱাৰ সময়ত উক্ত গাড়ী খনৰ চালক আৰু পৰিচালক দুয়ো জন আন্ধাৰৰ সুবিধা লৈ পলায় যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷
The post সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3afsGOe
via IFTTT
Comments
Post a Comment