বৃদ্ধি পাব বিধান সভা আৰু লোক সভাৰ আসনৰ সংখ্যা! সমষ্টি পুনৰ গঠনৰ বাবে আইন-ন্যায় মন্ত্ৰালয়ৰ ৰাজপত্ৰিত অধিসূচনা জাৰি…

  • ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰে গঠন হব অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টিসমূহ।
  • সমষ্টিসমূহ পুনৰ গঠন কৰিবৰ বাবে শুকুৰবাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে।
  • অসমৰ লগতে উত্তৰ-পূবৰ আন তিনিখন ৰাজ্য ক্ৰমে মণিপুৰ, অৰুণাচল আৰু নাগালেণ্ডতো সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া চলিব।
  • ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হব বুলি এক সুত্ৰৰ প্ৰকাশ।
  • সম্ভাৱনা ব্যক্ত কৰা হৈছে যে, সমষ্টি পুনৰ গঠন কৰাৰা পাছত অসমৰ বিধান সভা আৰু লোকসভাৰ সমষ্টিৰ সংখ্যা বৃদ্ধি পাব।
  • বিধানসভা সমষ্টি ১২৬ টাৰ পৰা ১৭০-১৮০ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে লোকসভাৰ আসনৰ সংখ্যা ২০-২২ লৈ বৃদ্ধি পাব পাৰে।
  • উল্লেখ্য যে, দেশৰ বাকী ৰাজ্য সমূহতো ২০০১ চনৰ লোকপিয়ল অনুসৰি পুনৰ সমষ্টি গঠন প্ৰক্ৰিয়া ২০০৮ চনৰ পৰা কাৰ্ষকৰী হোৱাকৈ আৰম্ভ হৈছে।

The post বৃদ্ধি পাব বিধান সভা আৰু লোক সভাৰ আসনৰ সংখ্যা! সমষ্টি পুনৰ গঠনৰ বাবে আইন-ন্যায় মন্ত্ৰালয়ৰ ৰাজপত্ৰিত অধিসূচনা জাৰি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PzXIrW
via IFTTT

Comments