কৃষক মুক্তিয়ে জব্দ কৰা অবৈধ-অত্যাধিক বালি ভৰ্তি ডাম্পাৰ মুকলি কৰাৰ চেষ্টা বন বিভাগৰ, সংবাদমাধ্যমৰ কেমেৰা দেখি পুনৰ কৰিলে জব্দ…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দেৱস্থান বজাৰত দেওবাৰে সন্ধিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আটক কৰে-টিআৰ-০৬-১৬৯৫ আৰু এএছ-কেচি-৭৩৫৯ নম্বৰৰ দুখন অত্যাধিক পৰিমাণৰ বালি ভৰ্তি ডাম্পাৰ। দীৰ্ঘদিনৰ পৰা দিনে নিশাই অত্যাধিক পৰিমাণৰ বালি কঢ়িয়াই ডাম্পাৰে এক সন্ত্ৰাসৰ সৃষ্টি কৰি অহাত অতিষ্ঠ হোজাই জিলাবাসী। হোজাই জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ৰাজহ ফাঁকিৰে একাংশ বালি ব্যৱসায়ীয়ে চলাই আছে এই অবৈধ বালি ব্যৱসায়।

ডাম্পাৰৰ দৌৰাত্ম্য সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছে যদিও এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে। বিশেষকৈ হোজাই জিলাৰ দেৱস্থান, মোৰাঝাৰ, নীলবাগান আৰু চিতলমাৰী এই কেইটা গড়কাপ্তানী পথেদি অত্যাধিক পৰিমাণৰ বালি ভৰ্তি ডাম্পাৰে অবৈধ বাবে বালি- মাফিয়াৰ দপদপনি চলি থকাৰ ফলত জিলাখনলৈ গভীৰ সংকট নামি আহিছে। জনসাধাৰণে প্ৰাণৰ ভয়ত চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ফলত ডাম্পাৰৰ দৌৰাত্ম্যত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে সমগ্ৰ হোজাই জিলাত।

ইতিমধ্যে ডাম্পাৰ সমূহ তীব্ৰ গতিত চলোৱাৰ ফলত সংঘটিত হৈছে বহু কেইটা ভয়ংকৰ দুৰ্ঘটনা আৰু মৃত্যু হৈছে বহুজন লোকৰ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে সচেতন ৰাইজে। দীৰ্ঘদিনৰ পৰা দিনে নিশাই অত্যাধিক পৰিমাণৰ বালি কঢ়িয়াই এক সন্ত্ৰাসৰ সৃষ্টি কৰি অহাত অৱশেষত দল সংগঠনৰ প্ৰচেষ্টাত জব্দ কৰা হয় ডাম্পাৰ দুখন। দেৱস্থান কৃষক মুক্তিয়ে অত্যাধিক পৰিমাণৰ বালি ভৰ্তি ডাম্পাৰ দুখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে।

কিন্তু ৰহস্যজনকভাৱে বন বিভাগে দেৱস্থানৰ ডাম্পাৰ দুখন জব্দ কৰি লৈ গৈ থকা অৱস্থাত মোৰাঝাৰত অত্যাধিক পৰিমাণৰ বালি ভৰ্তি ডাম্পাৰ আৰু বালি মাফিয়াৰ লগত গোপন আলোচনাত লিপ্ত হয় আৰু তেনে সময়তে সংবাদ মাধ্যমৰ কেমেৰা দেখি ঘটনাস্থলি এৰি পলায়ন কৰে বালি মাফিয়া আৰু ডাম্পাৰৰ গৰাকীয়ে পিছে উপায়ন্তৰ হৈ বন বিভাগৰ লোকে ডাম্পাৰ দুখন ডবকা বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায়।

The post কৃষক মুক্তিয়ে জব্দ কৰা অবৈধ-অত্যাধিক বালি ভৰ্তি ডাম্পাৰ মুকলি কৰাৰ চেষ্টা বন বিভাগৰ, সংবাদমাধ্যমৰ কেমেৰা দেখি পুনৰ কৰিলে জব্দ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38V6dpl
via IFTTT

Comments