ৰাজ্যত অবাধে সৰবৰাহ হৈ আছে লালি গুৰ, VIDEO

ডিজিটেল সংবাদ, টীয়কঃ গোলাঘাটৰ চুলাই মদৰ ট্ৰেজেডিৰ পাছতে অসম চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি চুলাই প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা লালি গুৰ সৰবৰাহ, বিক্ৰী নিষিদ্ধ কৰিছিল। কিন্তু চৰকাৰৰ এনে কঠোৰ নিৰ্দেশনাৰ পাছত প্ৰকৃততে বন্ধ হ’ল জানো লালি গুৰৰ সৰবৰাহ! যোৰহাট জিলাৰ টীয়কৰ জাঁজীৰ সমীপত মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হোৱা এএছ-০২-চিচি-৩৪২৩ নম্বৰৰ বলেৰ’ পিক আপ গাড়ীখনত লালিগুৰ উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণিত কৰিলে কি দৰে ৰাজ্যখনত অবাধে চলি আছে লালিগুৰৰ ৰমৰমীয়া বেহা।
জানিব পৰা মতে নথিপত্ৰ বিহীন ভাৱে সৰবৰাহ কৰিছিল এই লালিগুৰ সমূহ। ইপিনে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ চালকে প্ৰথমে লালিগুৰ খিনি নগাঁৱৰ লংকাৰ পৰা শিৱসাগৰ জিলাৰ জনৈক কোঁৱৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আনিছিল বুলি জানিবলৈ দিছিল যদিও পৰবৰ্তী সময়ত তেওঁ পুনৰ ডিব্ৰুগড়লৈ অনা বুলি ভাষ্য প্ৰদান কৰাত ৰহস্যৰ সৃষ্টি হৈছে।
The post ৰাজ্যত অবাধে সৰবৰাহ হৈ আছে লালি গুৰ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/394QPqo
via IFTTT
Comments
Post a Comment