নৱ শৰণীয়া কিং মেকাৰ নহয়, হলে কিং হে হ’ব, ২০২০ ত নহয়, ২০২৫ ত হে বিটিচি চীফ হ’ব প্ৰমোদ বড়োঃ সাংসদ নৱ শৰণীয়া

ডিজিটেল সংবাদ, ওৰাংঃ আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে বড়ো ভূমিৰ প্ৰতিটো ৰাজনৈতিক দলৰ। পিছপৰি ৰোৱা নাই সাংসদ নৱ শৰণীয়াৰ গণ সুৰক্ষা দলো। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে একপ্ৰকাৰ সাজু হৈছে নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী। দেওবাৰে ওৰাঙত উপস্থিত হৈ সাংসদ শৰণীয়াই কেইবাটাও বিস্ফোৰক মন্তব্য কৰে।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰত্যুত্তৰ সাংসদ নৱ শৰণীয়াৰ। হাগ্ৰামাক উভতি ধৰি সাংসদ নৱ শৰণীয়াই ওদালগুৰিৰ ঘটনাক লৈ আঙুলি টোঁৱাই কলে “‘গোঁসাই ঘৰত কোন মই কল খোৱা নাই। শেহতীয়াকৈ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ওদালগুৰিত সংঘটিত হত্যাকাণ্ডই এটা কথাই প্ৰমাণ কৰিছে যে আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচন ৰক্তাক্ত হোৱাৰ লগতে বাহুবল-অস্ত্ৰ শক্তিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাব হাগ্ৰামা বাহিনীয়ে। আলোচনপন্থী আলফা নেতাৰ লগত সম্পৰ্ক হাগ্ৰামা মহিলাৰীৰহে আছে। বৰ্তমান একাংশ আলোচনাপস্থী আলফা নেতা হাগ্ৰামাৰ সোৱে বাওঁৱে থাকে।”

সাংসদ নৱ শৰণীয়াই সন্দেহ প্ৰকাশ কৰি কয় যে, “আলোচনাপন্থী আলফাৰ জৰিয়তে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হত্যাকাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। কিয়নো সংবিজিতৰ নামত পূৰ্বে হত্যাকাণ্ড সংঘটিত কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। বিটিচি চুক্তি হোৱা এমাহ নৌহওতেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো এক অশনি সংকেট। ওদালগুৰিৰ হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজনীতি কৰাতকৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক হাগ্ৰামাই। তেওঁৰ সলনি নৱ শৰণীয়া হোৱা হ’লে ২ ঘন্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলেহেতেন প্ৰকৃত হত্যাকাৰীক।”

ইপিনে ওদালগুৰিৰ হত্যাকাণ্ড ঘটনাৰ তদন্ত চিবিআইক দিয়াৰ দাবী কৰি কোকৰাঝাৰৰ সাংসদ শৰণীয়াই কয় যে, নৱ শৰণীয়াক বাদ দি বিটিচি অঞ্চলত শান্তি, প্ৰগতি, উন্নতি সম্ভৱ নহয়৷ ২০২০ত বিটিচিত গণ সুৰক্ষা পাৰ্টীয়ে শাসন ভাৰ গ্ৰহণ কৰিব। ২০২৫ ত বিটিচিৰ মুৰব্বী হ’ব প্ৰমোদ বড়ো। কিন্তু এইবাৰ বিটিচিৰ মুৰব্বী হব শৰণীয়া বাহিনী। প্ৰমোদ বড়োৱে ৰাজনীতিৰ এবিচিডি শিকিব লাগিব। প্ৰমোদ বড়ো ৰত্নাকৰ, গতিকে তেওঁ পৰীক্ষা দিব লাগিব । যি দলে বড়োলেণ্ডৰ বিৰোধিতা কৰিব, নীতিগত ভাবে সেই দলৰ লগতে মিত্ৰতা কৰিব নৱ শৰণীয়া বাহিনীয়ে। নৱ শৰণীয়া কিং মেকাৰ নহয়, হলে কিং হে হ’ব। বিটিচি পৰিষদীয় নিৰ্বাচনত ৩০ খন আসন লাভ কৰিম আমি। মিচন ৩৫ লক্ষ্যৰে আগবাঢ়িব গণ সুৰক্ষা পাৰ্টীয়ে। বিজেপি কৰ্মীৰ কোনো বিকল্প নাই গণ সুৰক্ষা পাৰ্টীৰ বাদে।” এনেদৰে এতিযা অভিযোগ প্ৰতি-অভিযোগেৰে ক্ৰমাৎ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে বিটিচিৰ৷

The post নৱ শৰণীয়া কিং মেকাৰ নহয়, হলে কিং হে হ’ব, ২০২০ ত নহয়, ২০২৫ ত হে বিটিচি চীফ হ’ব প্ৰমোদ বড়োঃ সাংসদ নৱ শৰণীয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2T7VvoJ
via IFTTT

Comments