আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি…

ডিজিটেল ডেস্কঃ দিল্লীৰ শ্বাহীনবাগৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত বুধবাৰে উচ্চতম ন্যায়ালয়ত হ’ব শুনানি। ন্যায়ালয়ে নিযুক্তি দিয়া বাৰ্তাবাহকে সোমবাৰে বন্ধ খামত প্ৰতিবেদন দাখিল কৰাৰ পিছতে এই শুনানি স্থগিত ৰখা হৈছিল।

১৭ ফেব্ৰুৱাৰীত ন্যায়ালয়ে বাৰ্তাবাহক হিচাপে নিযুক্তি দিয়া সঞ্জয় হেগদেক প্ৰতিবাদকাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হ’বলৈ নিৰ্দেশ দিছিল। ৰাজহুৱা স্থান বন্ধ নোহোৱাকৈ প্ৰতিবাদকাৰীসকলক আন এখন ঠাইলৈ আহি প্ৰতিবাদ কৰিবলৈ সৈমান কৰিবলৈ দায়িত্ব দিয়া হৈছিল বাৰ্তাবাহকক।

বাৰ্তাবাহকে দাখিল কৰা প্ৰতিবেদন প্ৰসংগতে বুধবাৰে শুনানি সম্পন্ন হ’ব। ন্যায়াধীশ এছ কে ক’ল আৰু কে এম যোচেফৰ বিচাৰপীঠত সম্পন্ন হ’ব এই শুনানি। এই সময়ত দিল্লী আৰক্ষীৰ লগতে আবেদনকাৰীসকলক যিসকল অধিবক্তা তেওঁলোকক এই প্ৰতিবেদন প্ৰসংগত জানিবলৈ দিয়া নহয়।

২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজ ভাগৰ পৰাই দিল্লীৰ শ্বাহিনবাগত প্ৰতিবাদ সাব্যস্ত কৰি আছে বহুলোকে। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে এইসকল লোকে।

The post আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37XoalS
via IFTTT

Comments