সুস্থ জুবিনঃ ICU বিচনাৰ পৰাই কাক ক্ষমা খুজিলে শিল্পীগৰাকীয়ে…

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে শিল্পী জুবিন গাৰ্গ। এক সুত্ৰৰ খবৰনুসৰি, শনিবাৰে পুৱতি নিশা পূৰ্বৰ সুস্থ জুবিন গাৰ্গৰ দৰেই কথা-বতৰা পাতিছে শিল্পীগৰাকীয়ে। গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালত চিকিৎসাধীন হৈ থকা জুবিনৰ স্বাস্থ্য প্ৰতি মূৰ্হুতৰ খবৰ ৰাখিছে ১২ গৰাকীকৈ চিকিৎসকে। ইতিমধ্যে শুকুৰবাৰে নিশাই চিকিৎসকে জুবিনক সংকটমুক্ত বুলি ঘোষণা কৰিছে যদিও, ব্যস্ত কৰ্মসূচীৰ পৰা কিছুদিনৰ আতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

নেমকেয়াৰৰ বাহিৰত জুবিন সুস্থতাৰ কামনা কৰি ওৰে নিশা হস্পাতালৰ চৌহদতে কটায় একাংশ অনুৰাগীয়ে। জয় জুবিন দা শ্লোগানেৰে হস্পতালৰ চৌহদ মুখৰিত কৰি ৰখা একাংশ অনুৰাগীয়ে জুবিন সুস্থ নোহোৱা পৰ্যন্ত চিকিৎসালয়ৰ চৌহদ নেৰাৰো প্ৰতিশ্ৰুতি লৈছে। ইফালে শিল্পীগৰাকীক সুস্থতা কামনা কৰি বৰপেটা, মাজুলীত ৰাজহুৱা প্ৰাৰ্থনাও কৰিছে ৰাইজে।

অসুস্থ জুবিনে শনিবাৰে আই চি ইউ বিচনাৰ পৰাই ক্ষমা খুজিলে কাকপথাৰবাসীক। দৰাচলতে, গৰিমা গাৰ্গে ইতিমধ্যে জনাইছে যে, কাকপথাৰৰ এখন গাঁৱৰ মানুহে লগ লৈ জুবিনৰ নামত নিৰ্মাণ কৰিছিল কাঠ আৰু বাঁহৰ এখন দলং। এই দলংখন উদ্বোধনৰ কাৰনে যোৱাৰ কথা আছিল জুবিন। কিন্ত স্নায়ুজনিত ৰোগত টাউন ক্লাৱত অসুস্থ হৈ পৰা জুবিনে এই অনুষ্ঠানত অংশ লব নোৱাৰিব। পত্নী গৰিমা গাৰ্গে জনাইছে যে, জুবিন সুস্থ হৈ উঠাৰ লগে লগেই তেওঁলোকে কাকপথাৰ বাসীৰ ওচৰত উপস্থিত হ’ব।

The post সুস্থ জুবিনঃ ICU বিচনাৰ পৰাই কাক ক্ষমা খুজিলে শিল্পীগৰাকীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I33j5R
via IFTTT

Comments