ঝংকাৰে পাবনে ন্যায়, সোমবাৰে সম্পন্ন হ’ব ডিফুৰ ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়…

ডিজিটেল ডেস্কঃ সোমবাৰে সম্পন্ন হ’ব ডিফুৰ ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়। সাত বছৰৰ অন্তত ন্যায়ালয়ে দিব ৰায়। এই ৰায়ৰ বাবে সকলো লোক অধিৰ অপেক্ষাৰে বাট চাই আছে। সকলোৰে আশা দোষীয়ে শাস্তি পাব। কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আনোৱাৰ উদ্দিন আহমেদৰ বিচাৰপীঠত চলিছিল ঝংকাৰ শইকীয়াৰ শুনানি।

২০১৩ চনত সংঘটিত হৈছিল সেই ঘটনা। ২৫ জুনত ডিফুত অট’ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ উপস্থিতিতে একাংশ লোকে প্ৰহাৰ কৰিছিল ঝংকাৰক। তেওঁক ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাছিল পিতৃও। তাৰ পিছতে গুৱাহাটীৰ চিকিৎসালয়ত ১ জুলাইত ঝংকাৰৰ মৃত্যু হৈছিল। ঘটনাটোৰ তদন্ত কৰি দুগৰাকী আৰক্ষীৰ লোকসহ মুঠ ১৬ জনক আৰক্ষীয়ে অভিযুক্ত কৰিছিল।

The post ঝংকাৰে পাবনে ন্যায়, সোমবাৰে সম্পন্ন হ’ব ডিফুৰ ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32iNZeW
via IFTTT

Comments