উৰিয়ামঘাটত সদৌ অসম ভাওঁনা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়াটৰ ১৪নং সীমান্ত আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভাওঁনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সমাজত প্ৰতিনিয়ত বাঢ়ি আহিব ধৰা হিংসা, অন্যায় আদি দূৰ কৰি গুৰুজনাৰ আদৰ্শ নাট ভাওঁনাৰ যোগেদি সমাজত শান্তি সম্প্ৰিতি প্ৰতিষ্ঠা হ’ব বুলি ধাৰণা কৰা হৈছে। অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ হোৱাৰ উপৰিও অসম আৰু নগালেণ্ডৰ মাজত তৃক্ততাপূৰ্ণ কেতবোৰ সমস্যাৰ বাবে পৰিচিত ঠাইখনত সমিতিয়ে সময়ে সময়ে বিভিন্ন সাস্কৃতিক অনুষ্ঠান পাতি আহিছে।

৪ মে’ পৰা ৯ মে’ লৈকে ছদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওৰীয়া দল সমূহে অংশগ্ৰহণ কৰিব। সমিতিয়ে যোগদানৰ অন্তিম তাৰিখ ২২ মাৰ্চ অৰ্থাৎ ৮ চ’ত ধাৰ্য কৰিছে। সমিতিৰ অন্তৰ্ভুক্ত ১৪খন খেলৰ পুৰুষ মহিলা উভয়ে আৰ্থিক, মানসিক, শাৰীৰিক সকলো দিশতে ভাতৃত্ববোধ মনোভাৱে আয়োজনত ব্ৰ্তি হৈছে।

প্ৰতিযোগিতাৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ অৰ্থৰ যোগান সাধাৰণ ৰাইজে ধৰিছে বুলি জানিবলৈ দিছে সমিতিয়ে। প্ৰতিযোগিতা লানিত শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ ভাওৰীয়া, শ্ৰেষ্ঠ মুখাভিনয়, শ্ৰেষ্ঠ গায়ন বায়নৰ দল, শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ, শ্ৰেষ্ঠ নাৰদ চৰিত্ৰ, শ্ৰেষ্ঠ শিশু চৰিত্ৰ, শ্ৰেষ্ঠ নাৰী চৰিত্ৰ আদি বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ আৰু মানপত্ৰসহ সন্মান জনোৱাৰ ব্যৱস্থা কৰিছে। আনহাতে প্ৰতিযোগিতা লানিৰ সংগতি ৰাখি গঁঞা ৰাইজে আঞ্চলিক বৰ নামঘৰ ভাগি আটক ধুনীয়া কৈ সজাই পৰাই তুলিছে।

The post উৰিয়ামঘাটত সদৌ অসম ভাওঁনা প্ৰতিযোগিতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/382XOia
via IFTTT

Comments