প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ শিক্ষক…

ডিজিটেল সংবাদ, শিলচৰ: সনাতন ধৰ্ম আৰু প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হব লগা হল শিলচৰৰ জি চি কলেজৰ এগৰাকী শিক্ষক ৷ ধৃত শিক্ষক জন পদাৰ্থ বিজ্ঞান বিভাগৰ সৌৰদীপ সেনগুপ্ত ৷ জিচি কলেজৰ একাংশ ছাত্ৰৰ গোচৰৰ ভিত্তিত নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষক জনক ৷ শিক্ষক জনৰ বিৰুদ্ধে শিলচৰ থানাত ছাত্ৰ সকলে ৰুজু কৰিছিল এটি গোচৰ ৷ 295 ( A) আৰু 153 (A ),66 ধাৰাৰ অধীনত 722/20 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিশা শিক্ষক জনক গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে ৷

ফেচবুকত শিক্ষক জনে কৰা এনে মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে কলেজৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনো কৰিছিল একাংশ ছাত্ৰই ৷ শিক্ষক জনক কলেজৰ পৰা বহিস্কাৰ কৰ্ৰ দাবীত সৰৱ হৈছিল ছাত্ৰ সমাজ ৷ বিক্ষোভৰ পিচত কলেজৰ অধ্যক্ষৰ হাতত এক স্মাৰক পত্ৰ দাখিল কৰি শিক্ষক সৌৰদীপ সেনগুপ্তক বহিস্কাৰৰ দাবী জনাইছিল ছাত্ৰ সকলে ৷ ইয়াৰ পিচত শিলচৰ থানাত গোচৰ ৰুজু কৰে প্ৰতিবাদী ছাত্ৰ সকলে ।

ইফালে,দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ফেচবুকত মন্তব্য কৰি গ্ৰেপ্তাৰ হব লগা হল এজন কংগ্ৰেছ কৰ্মী ৷ দিল্লী আৰক্ষী আৰু RSS সন্দৰ্ভত আপত্তি জনত মন্তব্য কৰিছিল শিলচৰৰ কংগ্ৰেছ কৰ্মী জনে ৷ ধৃত কংগ্ৰেছী জন পাৰ্থ সাৰথি ৰয় ৷ বৃহস্পতিবাৰে শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত শুকুৰবাৰে আদালতে জেললৈ প্ৰেৰন কৰে কংগ্ৰেছী জনক ৷

The post প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ শিক্ষক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VyUVTB
via IFTTT

Comments