আৰক্ষীৰ নীৰৱ ভূমিকা! স্বামীৰ পাশৱিক নিৰ্যাতনৰ বলি হৈ ন্যায় বিচাৰি থানাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে মহিলা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নাৰী সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন কায্য ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দিনক দিনে সমাজত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ ৰজাগাঁৱৰ এগৰাকী বোৱাৰী স্বামী আৰু স্বামী গৃহৰ অত্যাচাৰত বলি হৈ ন্যায় বিচাৰি এতিয়া ঘূৰি ফুৰিছে আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে। ৯ বছৰ পূর্বে একে গাঁৱৰে হিৰণ্য কাকতি নামৰ যুৱক জনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল দিপাঞ্জলী হাজৰিকা নামৰ এগৰাকী যুৱতী। চাৰি বছৰলৈকে দুয়োৰে সংসাৰ ঠিকেই আছিল। আছে এগৰাকী পাচঁ বছৰীয়া কন্যা সন্তানো ।
কিন্তু পৰবৰ্তী সময়ত স্বামী হিৰণ্য কাকতিৰ পাশৱিক নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে দিপাঞ্জলী হাজৰিকা । ২১ চেপ্তম্বৰত স্বামীৰ পৰিয়ালে দিপাঞ্জলী হাজৰিকাৰ উপৰত চলাই অমানসিক অত্যাচাৰ । আনকি শৰীৰত ঢালি দিয়ে এচিড জাতীয় পদাৰ্থ । এই এচিড আক্ৰমনত বোৱাৰী গৰাকীৰ শৰীৰৰ বহু অংশ পুৰি যায় । এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী বোৱাৰী গৰাকীয়ে জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কিন্তু জাজৰি আৰক্ষীৰ ভূমিকা সন্দেহজনক । আৰক্ষীয়ে এক ৰহস্যজনক কাৰণত স্বামী তথা স্বামীৰ পৰিয়ালৰ কোনো সদস্যকে আটক কৰাতো দূৰৈৰ কথা সোধ পোছেই নকৰিলে। কেৱল এটা জামিন যোগ্য ধাৰাত গোছৰ ৰুজু কৰিয়ে দায়িত্ব সামৰে।
বৰ্তমানে বোৱাৰী গৰাকীয়ে কণমানি কন্যা সন্তানক লৈ ন্যায়ৰ বাবে হাবাথুৰি খাই ফুৰিছে । কাষ চাপিছে সংবাদ মাধ্যমৰ। কিন্তু জাজৰি আৰক্ষীয়ে বোৱাৰী গৰাকীক ন্যায় দিয়াৰ পৰিৱর্তে লম্পট স্বামী হিৰণ্য কাকতি আৰু পৰিয়ালটোক ৰক্ষনাবেক্ষন দিয়াৰ অভিয়োগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পিতৃয়ে। নিৰ্যাতিতা বোৱাৰী গৰাকীয়ে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ সহায় ভিক্ষা মাগিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zU80aO
via IFTTT
Comments
Post a Comment