আজি বিশ্ব পৰ্যটন দিৱসঃ নিমাওমাওঁ মাজুলী…

ডিজিটেল সংবাদ, মাজুলীঃ আজি বিশ্ব পৰ্যটন দিৱস । আজিৰ এই বিশেষ দিনটোত কোনো উৎসাহ নাই মাজুলীৰ পৰ্যটন ক্ষেত্ৰ জড়িত লোকৰ মাজত। বিগত দুটা বছৰে কোভিড ১৯ বাবে বিধ্বস্ত হৈ পৰিছে পৰ্যটন খণ্ড মাজুলী ব্যতিক্ৰম নহয় ।শাৰদীয় উৎসৱৰ মূৰ্চনাত বিলিন  সত্ৰপীঠ মাজুলী ।  মাজুলীত এতিয়া  উৎসৱৰ বতৰ । পূৰ্বে আগমন হৈছিল বহু দেশী বিদেশী পৰ্যটকৰ।কিন্তু নাই দুবছৰ কোনো অহা নাই ।

দুই এজন আহিছে যদিও পূৰ্বৰ তুলনাত তেনেই নগণ্য। মাজুলীত পালন কৰা উৎসৱ সমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈ এই ৰাস মহোৎসৱ আৰু পালনাম ।এই শৰৎ জোনাক স্নিগ্ধ জোনাক নিশা। পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালীৰ গোন্ধ । শৰত মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ ,শুভ্ৰ কহুৱাৰ মিছিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকা ভাকু ।এই শৰতৰ চকুত চকু থৈ প্ৰেম আৰু বিশ্বাসত মজবুত কৰো আমাৰ সোনালী ভবিষ্যত ।

শৰত যেন প্ৰেমৰ ঋতু সম্ভাৱনাৰ ভৰুন সময় । জীৱনৰ বান বাৰিষাৰ দুখ দুৰ্ভাবনাবোৰ মেঘৰ বোকোচাত পৰ্বতৰ সিপাৰলৈ নিৰ্বাসন দিয়ে ।মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ উদুলি মুদুলি । বান বাৰিষাৰ দুৰ্যোগ দুৰ্ভাবনা পাহৰি পেলাইছে মাজুলীবাসীয়ে  । মাজুলীৰ অৰ্ন্তভাগত লহপহীয়া হোৱা সেউজীয়া গৰ্ভাৱতী পথাৰে সজাল কুৱলীৰ ওৰনিটানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কহুৱাৰ ফুলৰ নাচোনত বাগময় হৈছে মাজুলীৰ সৌন্দৰ্য।শুশোভিত মায়াময় পৰিবেশ । সুষমা ৰূপে অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি দেশী বিদেশী পৰ্যটকক ।

কিন্তু দুবছৰ দিন মাজুলীত কোনো বিদেশী আলহী নাই । কভিড কাল আৰম্ভ হোৱাৰ পিছৰে পৰা   সৰু সৰু কৈ আৰম্ভ কৰা ল’জ সমূহ এতিয়া বন্ধ হৈ পৰিছে । মাজুলীৰ পৰ্যটন ক্ষেত্ৰ লৈ  সুদিন ঘূৰি অহালৈ অপেক্ষা কৰি ৰৈ থকা পৰ্যটন কৰ্মী সকল  আকৌ নিৰাশ কাৰণ ৮ছেপ্টেম্বৰ নাওঁ দুৰ্ঘটনাৰ পিছৰে পৰা মাজুলীৰ নিমাতি যাতায়ত ব্যৱস্থা সাধাৰণ ৰাইজকে জুৰুলা কৰিছে ।

মুখ্যমন্ত্ৰী নিৰ্দেশত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কিছু পৰিমাণে সুবিধা প্ৰদান কৰিছে যদিও কিন্তু সেয়া বৰ্তমান সহজ  সুলভ  নহয় কাৰণ ইপাৰ সিপাৰ হবলৈ যাত্ৰীয়ে কেইবাঘণ্টা ধৰি দীঘলীয়া শাৰীহৈ কৰিব লাগে ঠিকট ।এনে ধৰণে যদি ব্যৱস্থা অব্যাহত থাকে তেতিয়া মাজুলীলৈ যে পৰ্যটক অহাৰ সংখ্যা যে কমিব নিশ্চিত ।

আজি এই বিষয়ে দিনটো মাজুলীৰ পৰ্যটক কৰ্মী সকলৰ চৰকাৰলৈ এটাই আহ্বান মাজুলী আৰু নিমাতি মাজত আগন্তুক ৰাস আৰু পালনামৰ পূৰ্বে আৰু কেইখন মান ফেৰী সংযোগ কৰি বৰ্তমান হৈ থকা যাতায়ত সমস্যা সমাধান হব আৰু নিমাতি ঘাটৰ ফেৰী দুৰ্ঘটনা মাজুলী পৰ্যটনলৈ  অভিশাপ মুচন কৰি সুচল যাতায়তৰ ব্যৱস্থা কৰিব  ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39GmhNy
via IFTTT

Comments