ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভা অনুষ্ঠিতঃ সভাপতি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু…

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলা ক্ৰীড়া সন্হাৰ সাধাৰণ সভাখনি দেওবাৰে ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ক্ৰীড়া সন্হাৰ সভাপতি তথা অধিবক্তা যুগল বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ললিত দত্তই ৷ ইয়াৰ আগে সভাখনি উদ্ধোধন কৰে লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই ৷ সভাত জ্ঞাতে – অজ্ঞাতে অকালতে মৃত্যু হোৱা খেলুৱৈ সকলৰ বিদেহী আত্মাৰ অৰ্থে চিৰশান্তি কামনা কৰি এক মিনিট সময় ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা কৰে ৷
সভাত জিলা ক্ৰীড়া সন্হা সাধাৰণ সভাৰ পৰ্য্যৱেষক হিচাপে উপস্থিত থকা অসম অলিম্পিয়া সন্হাৰ যুটীয়া সম্পাদক হীৰেণ গগৈক সম্বধৰ্না জনোৱা হয় ৷ সম্বধৰ্নাৰ অন্তত পৰ্য্যৱেষক গৰাকীয়ে ক্ৰীড়া প্ৰচাৰ আৰু প্ৰসাৰতা সম্পৰ্কে বহুমূলীয়া ভাষন প্ৰদান কৰি ধেমাজি জিলা ক্ৰীড়া সন্হাৰ বিষয় ববীয়া সকলৰ লগতে খেলুৱৈ আৰু কৰ্মকৰ্তা সকললৈ ধন্যবাদ জ্ঞাপন কৰে ৷
সভাত ধেমাজি জিলা ক্ৰীড়া সন্হাৰ প্ৰাক্তন বিষয় ববীয়া আৰু জ্যেষ্ঠ সকলৰ লগতে মঞ্চত উপবিষ্ট অতিথ সকলক একোখন কৈ ফুলাম গামোচাৰে সম্বধৰ্না জনোৱা হয় ৷ সভাত জিলা ক্ৰীড়া সন্হাৰ সংবিধান খনি সংশোধনী কৰাৰ সম্পৰ্কে ৰবি গগৈ ,লক্ষেশ্বৰ কোঁৱৰ আৰু যতীন বুঢ়াগোঁহাইকলৈ এখনি সংবিধান সংশোধনী সমিতি গঠন কৰা হয় ৷ সভাই জিলা ক্ৰীড়া সন্হাৰ আগুুন্তক দিনত কৰিব লগীয়া বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
সভাই আগুুন্তক বৰ্ষৰ ধেমাজি জিলা ক্ৰীড়া সন্হা সভাপতিৰ বাবে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক সভাপতি , উপ- সভাপতি পদত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলি,মনোজ পেগু ,ৰাজীৱ গগৈ , দিলীপ পেগু ,প্ৰশান্ত বড়ি , ৰিদিপ ভৰালী আৰু মলেন্দ্ৰ নাৰ্জাৰী ৷ সাধাৰণ সম্পাদকৰ পদত যতীন বুঢ়াগোঁহাই , যুটীয়া সম্পাদক দ্বয় ধৰ্মকান্ত নৰহ আৰু বিভূতি ভূঞাঁ সহকাৰী সম্পাদকৰ পদত ত্ৰিদিপ কুটুম , দেৱ পেগু ,দিপক ভৰালী আৰু সদানন্দ পেগু ৷
কোষাধ্যক্ষ পদত অসম এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সত্য শইকীয়া , ফুটবলৰ সম্পাদক টুলটুল বৰগোহাঁই , এথেলিটিকৰ সম্পাদক যুটীয়া ভাৱে নাৰায়ন বুঢ়াগোঁহাই আৰু মূল্যধৰ চাংমাই ,ৰেফাৰী বৰ্ডৰ বাবে সভাপতি লক্ষী গগৈক আৰু সম্পাদক মনোৰঞ্জন বৰগোহাঁই ভলীবল সম্পাদকৰ বাবে যুটীয়া ভাৱে গোবিন গগৈ আৰু দেৱ ফুকনকে ধৰি এখনি শক্তিশালী ৪৬ জনীয়া সমিতি গঠন কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3APfAVf
via IFTTT
Comments
Post a Comment