মঙলদৈত ড০ বীৰেন্দ্ৰ নাথ ডেকাৰ গ্ৰন্থ “মোৰ জীৱন পৰিক্ৰমা” উন্মোচন..

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক, অৱসৰী অধ্যক্ষ ,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ড০ বীৰেন্দ্ৰ নাথ ডেকাৰ জীৱন ভিত্তিক গ্ৰন্থ “মোৰ জীৱন পৰিক্ৰমা” দেওবাৰে উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে।প্ৰৱল জাতীয়তাবাদী ভাৱধাৰাৰে পুষ্ট , শৈক্ষিক ক্ষেত্ৰৰ এগৰাকী আগশাৰীৰ প্ৰৱক্তা ,বিশিষ্ট লিখক ড০ ডেকা বিৰচিত এই গ্ৰন্থ উন্মোচনী সভাত বিশেষভাৱে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি অধ্যাপক ইদ্ৰিছ আলি, বিশিষ্ট চিকিৎসক কবি ডা:ৰমাকান্ত বৰা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক ,প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে।

গ্ৰন্থ উন্মোচনী ভাষণত সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে কয়–ড০ বীৰেন্দ্ৰ নাথ ডেকাই তেওঁৰ জীৱন জোৰা সদাচাৰী অভিজ্ঞতাৰে ৰচনা কৰা এই গ্ৰন্থই সমাজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব ।আজিৰ এই জটিল সন্ধিক্ষণত ,সমস্যা জৰ্জৰ ঘৰুৱা আৰু সামাজিক পৰিবেশত গুণী জ্ঞানী আৰু অভিজ্ঞতা পুষ্ট বিশিষ্ট লোক সকলে চিন্তন মন্থন কৰি লিখি উলিওৱা এনে গ্ৰন্থই পথ নিৰ্দেশনা দিব পাৰে।মহান ঋষি মুনি ,সাধু সন্তসকলৰ বাণীসমূহ আমি পাহৰি যোৱাৰ বাবে আমি বহুত বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ।

সেয়ে সাধুতা ,সততা পুনৰ প্ৰতিষ্ঠা কৰি সমাজৰ মানৱীয় অৱক্ষয় ৰোধ কৰি এখন সুন্দৰ সমাজৰ পৰিকল্পনা কৰিবলৈ জ্যেষ্ঠ, বিজ্ঞ ,অভিজ্ঞসকলেই সমাজক বাট দেখুৱাব লাগিব বুলিও উন্মোচক গৰাকীয়ে উল্লেখ কৰি এই ক্ষেত্ৰত ড০ ডেকাৰ গ্ৰন্থখনে নিশ্চয় আশাৰ সঞ্চাৰ কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। শিক্ষাবিদ ড০ বীৰেন্দ্ৰ নাথ ডেকাৰ ওপজা দিনটোতেই পৰিয়ালবৰ্গই আজি মঙলদৈ ‘জেব্ৰা ফ’ৰ্চত’ অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাখন পৰিচালনা কৰে আকাশবাণীৰ ঘোষক ,কন্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই।সংগীত শিল্পী ৰিন্তিমনি ডেকা আৰু অধিবক্তা ধৰ্ম বৰুৱাই একোটিকৈ গীত গাই অনুষ্ঠানটি জীপাল কৰি তোলে। ড০ বীৰেন্দ্ৰ নাথ ডেকাৰ জ্যেষ্ঠ কন্যা প্ৰীতিশ্ৰী ডেকাই অনুষ্ঠানৰ শেষত সদৌটিকে কৃতজ্ঞতা জ্ঞাপন কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3obkDfu
via IFTTT

Comments