সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেমুটেঙানি আঞ্চলিক সমিতি গঠন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ অন্যতম খিলঞ্জীয়া ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ঢকুৱাখনা মহকুমা সমিতিৰ অন্তৰ্গত নেমুটেঙানি আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয়। পশ্চিম মাছখোৱা অঞ্চলৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  আঞ্চলিক সমিতিৰ পুনৰ গঠন সভাত সভাপতিত্ব কৰে মহকুমা সমিতিৰ সভাপতি দেৱ কৃষ্ণ কোচে। জিলা সমিতিৰ সম্পাদক মানস প্ৰতিম কোচ আৰু অন্যান্য বিষয়ববীয়া ক্ৰমে বিৰিঞ্চি কোচ, ৰূপম কোচ ধনটো কোচ, উলেন কোচ আদিৰ উপস্থিতিত অনুষ্ঠিত সংগঠনিক সভাত বহুকেইগৰাকী পৰ্যবেশকৰ পৰামৰ্শৰ ভিত্তিত সুশীল কোচক সভাপতি,  বিষ্ণু প্ৰতিম কোচক সাধাৰণ সম্পাদক  হিচাবে লৈ ৩১ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি  গঠন কৰা হয়। 

সভাত সৰ্বদিশত অৱহেলিত,  চৰকাৰ প্ৰশাসনৰ সুদৃষ্টি নপৰা  বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ লগতে বৃহত্তৰ নেমুটেঙানি অঞ্চলৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ স্বাৰ্থত নব-গঠিত আঞ্চলিক সমিতিখনে উন্নয়নকামী ৰাইজৰ দিহা পৰামৰ্শৰ ভিত্তিত বলিষ্ঠতাৰে মাত মাতি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।  সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লক্ষ্য, নীতি আদর্শ  আৰু সাংগঠনিক ক্ষেত্ৰখনৰ সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে মহকুমা সমিতিৰ নেতৃবৰ্গ ক্ৰমে  মানস প্ৰতিম কোচ, দেৱ কৃষ্ণ কোচ আদিয়ে। সভাতেই  সুদীর্ঘ দিন ধৰি প্ৰশাসনিক ভাবে লখিমপুৰ জিলাৰ আৰু ৰাজনৈতিক ভাবে ধেমাজিৰ অন্তৰ্ভুক্ত হৈ বৃহত্তৰ অঞ্চলবাসীয়ে ভোগ কৰি অহা অবৰ্ণনীয় জটিল সমস্যাৰ স্থায়ী সমাধান, বৃহত্তৰ অঞ্চলবাসীৰ স্বাস্থ্য সুৰক্ষাৰ দিশতো সামৰি এখন ৩০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় স্থাপন , পশ্চিম মাছখোৱাৰ ৪ খন পঞ্চায়তক সামৰি এখন  নতুন উন্নয়ন খণ্ড ঘোষণা কৰা  , গ্ৰামাঞ্চলিয় পথ যোগাযোগ সুচল কৰাৰ নিমিত্তে গ্ৰাম্য পথ সমূহ পকীকৰণ কৰা আদি বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3COKeig
via IFTTT

Comments