পুনৰ পাৰমানৱিক অস্ত্ৰ পৰীক্ষা উত্তৰ কোৰিয়াৰ

ডিজিটেল ডেস্কঃ পুনৰ এক পাৰমানৱিক মিছাইল পৰীক্ষা কৰি বিশ্বত চমক সৃষ্টি কৰিলে উত্তৰ কোৰিয়াই। সঘনে পাৰমানৱিক মিছাই পৰীক্ষণ কৰি উত্তৰ কোৰিয়াই নিজৰ শক্তিৰ ভাণ্ডাৰ শক্তিশালী কৰি অহাৰ লগতে দক্ষিণ কোৰিয়াৰ লগতে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহলৈ কঢ়িয়াই আনিছে ভাবুকি।

শেহতীয়াকৈ উত্তৰ কোৰিয়াই ইয়াৰ জাগাং প্ৰদেশত নতুনকৈ বিকশিত হোৱাচং-৮ হাইপাৰচনিক মিছাইলৰ পৰীক্ষা-নিৰীক্ষা কৰে। অনুমান কৰা হৈছে যে এই মিছাইল পাৰমাণৱিক সামৰ্থ্যৰে সজ্জিত। এই মিছাইলটো শেহতীয়াকৈ দেশখনৰ প্ৰতিৰক্ষা বিজ্ঞান একাডেমীৰ দ্বাৰা বিকশিত কৰা হৈছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কৈছে যে উত্তৰ কোৰিয়াই ইয়াৰ পূব উপকূলৰ পৰা সাগৰৰ ফালে এটা মিছাইল নিক্ষেপ কৰিছে। ইয়াৰ পাছতে উত্তৰ কোৰিয়াই অভিযোগ উত্থাপন কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই দ্বৈতভাৱে অস্ত্ৰ কাৰ্যসূচীৰ ওপৰত কাম কৰি আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3F1qude
via IFTTT

Comments