অৰুণাচল প্ৰদেশৰ প্ৰেমা খাণ্ডু চৰকাৰৰ পৰা ১১গৰাকী বিধায়কক সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ…

ডিজিটেল সংবাদ বেকাজানঃ অৰুণাচল প্ৰদেশৰ টিৰাপ চাংলাঙ আৰু লংডিঙ জিলাৰ নগা অধ্যুষিত অঞ্চলত বসবাস কৰা নক্টে , ৱাংচু , টুটছা আৰু টাংছা জনগোষ্ঠীক জনজাতি পৰা বঞ্চিত কৰি নগা শব্দ আঁতৰাই দিয়াক লৈ সম্প্ৰতি অৰুণাচল প্ৰদেশৰ প্ৰেমা খাণ্ডু চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ জিপি আৰ এন । মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু উপমুখ্যমন্ত্ৰী ছাওনা মীন নেতৃত্বত অৰুণাচল প্ৰদেশ চৰকাৰৰ এনে হঠকাৰী আৰু অবিবেচকী কাণ্ডৰ প্ৰতিবাদ জনাই এন এছ চি এনে টিৰাপ, চাংলাঙ আৰু লংডিঙত ১১ গৰাকী নগা বিধায়কক শীঘ্ৰে সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ নগা আৰ্মি কঠোৰ নিৰ্দেশ জাৰি কৰিছে ।
নগা আৰ্মি কৰ্ণেল কে আছ লৰীৰ স্বাক্ষৰিত এক বিবৃতি কোৱা হৈছে এয়া প্ৰেমা খাণ্ডু চৰকাৰৰ নগা বিৰোধী সিদ্ধান্ত আৰু নগা জনসাধাৰণৰ পৰিপন্থীন । উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত অৰুণাচল প্ৰদেশ চৰকাৰৰ অনুমোদন জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ‘অনুসূচিত জনজাতি সংশোধনী ২০২১ বিধেয়কখন সংশোধন কৰি টিৰাপ চাংলাঙ আৰু লংডিঙত বসবাস কৰা নক্টে ,ৱাংচু , টুটছা আৰু টাংছা নগাসকলক জনজাতি প্ৰমাণপত্ৰৰ অন্যান্য নগা জনজাতি শব্দৰ পৰা নগা শব্দটো আঁতৰাই দিয়া হয় ।
অৰুণাচল প্ৰদেশ চৰকাৰে নতুন সংশোধনীৰ জৰিয়তে নক্টে ,ৱাংচু টুটছা আৰু টাংছা জনজাতিৰ ঠাইত নতুনকৈ মনপা , টাই খামটি , মিচিম, ইডু , ছাজলাঙ , ছাৰটাঙ জনজাতি অন্তৰ্ভুক্ত কৰে । ফলত টিৰাপ চাংলাঙ আৰু লংডিঙত বসবাস কৰা নগাসকল জনজাতি পৰা কৰ্তন হয় । চৰকাৰৰ এনে সিদ্ধান্ত প্ৰতিবাদ জনাই এন এছ চি এনে এক বিবৃতি কয় — সংশোধনীত অন্যান্য নগা জনজাতি শব্দৰ পৰা নগা শব্দটো আঁতৰাই টিৰাপ, চাংলাঙ আৰু লংডিঙত বসবাস কৰা নগাসকলৰ আবেগ আৰু অধিকাৰ অপমান কৰা হৈছে ।
কিয়নো যুগ যুগ ধৰি নগাসকলে অৰুণাচল প্ৰদেশ, মণিপুৰ অসম আৰু ম্যানমাৰ শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে । বৰ্তমান চৰকাৰে জানি বুজি নগাসকলৰ অধিকাৰ আৰু অস্তিত্ব অস্বীকাৰ কৰিছে । সেয়ে তিনিওখন জিলাৰ নগা ১১ গৰাকী বিধায়কক প্ৰেমা খাণ্ডু চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ এনেদৰে কঠোৰ নিৰ্দেশ দিছে । উল্লেখযোগ্য অৰুণাচল প্ৰদেশৰ প্ৰেমা খাণ্ডু চৰকাৰত কেবিনেট মন্ত্ৰীসহ এঘাৰ গৰাকী বিধায়ক হৈছে টিৰাপ চাংলাঙ আৰু লংডিঙ জিলাৰ । সম্প্ৰতি নগা বিদ্ৰোহী সংগঠনৰ বিধায়কক সমৰ্থন প্ৰত্যাহাৰ বাবে দিয়া এনে কঠোৰ নিৰ্দেশ তিনিওখন জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WcEfEi
via IFTTT
Comments
Post a Comment