ৰাজ্যত নকল প্ৰমাণ পত্ৰৰ বেহা, গ্ৰেপ্তাৰ এজনক…

ডিজিটেল সংবাদ , নগাঁও: নগাঁৱৰ মধুপুৰত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ভুৱা প্ৰমাণপত্ৰ। গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ণ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণপত্ৰ, জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে নগাঁৱৰ কেইবাখনো হাইস্কুল আৰু হায়াৰছেকণ্ডেৰী স্কুলৰ প্ৰমাণ পত্ৰ উদ্ধাৰ হৈছে এই অভিযানত। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে মধুপুৰৰ মকবুল হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ অভিযান চলাইছিল ৷

এই অভিযানতে উদ্ধাৰ কৰিছে এই ভুৱা প্ৰমাণপত্ৰ সমূহ। জানিব পৰা মতে, আব্দুল খালেক আৰু মকবুল হুছেইনে দীৰ্ঘদিন ধৰি ধনৰ বিনিময়ত বিভিন্ন লোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বহু চৰকাৰী বিষয়া আৰু বহু স্কুলৰ প্ৰধানশিক্ষক এই চক্ৰটোৰ সৈতে জড়িত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবেও এই চক্ৰটোৱে ভুৱা নথিপত্ৰ যোগান ধৰি আহিছিল। ইতিমধ্যে আৰক্ষীয়ে মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে যদিও আব্দুল খালেকে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগেই পলায়ণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত চলাই আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3medEQ6
via IFTTT

Comments