বুধবাৰে ধেমাজিত এজনক কোৰে ঘপিয়াই হত্যা, হত্যাকাৰীক আটক…

ডিজিটেল সংবাদ, ধেমাজিঃ ৩০ ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত ধেমাজি নগৰৰ প্ৰায় এক কিলো মিটাৰ নিলগত বুধবাৰে বিয়লি প্ৰায় ৪ .৩০ বজাত হোৱা হত্যাকাণ্ডৰ ঘটনাই গোহাঁই গাওঁৰ লগতে ধেমাজি নগৰখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে ধেমাজি গোহাঁই গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষক বৃকোধৰ বৰগোহাঁইক(৬১) একে গাঁৱৰে চুবুৰীয়া গোপাল চিৰিং নামৰ লোকজনে এখন কোৰেৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে৷

ৰাইজে ঘটনাৰ পিছতেই ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষনা কৰে ৷ ইতিমধ্যে হত্যাকাৰী গোপাল চিৰিঙক ধেমাজিৰ আৰক্ষীয়ে আটক কৰিছে ৷ জানিব পৰা মতে ভৰিত পিন্ধা এযোৰ সাধাৰণ চেণ্ডেলকলৈ দুয়োৰে মাজত হোৱা তৰ্কাতৰ্কি হোৱা ফলতেই এনে ঘটনাৰ সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZyDsie
via IFTTT

Comments