পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৯৬জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৮১জন কামৰূপ মেট্ৰ’ৰ, ১৮জন যোৰহাটৰ, ১৩জন ডিব্ৰুগড়ৰ আৰু ১৩জন নলবাৰীৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০০৬১৯জনলৈ পাইছে বৃদ্ধি। ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩০৭জন লোক। আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩১৯৮জন ৰোগী।
২. মহানগৰীৰ লাচিত নগৰত বি টি কলেজৰ সমীপত আৰক্ষীৰ অভিযান। ভূমাফিয়া ৰামেশ্বৰ তালুকদাৰৰ ভাতৃৰ ঘৰত আৰক্ষীয়ে চলাইছে এই অভিযান। দিছপুৰ আৰক্ষীৰ দুখন বাহনত আহিছিল আৰক্ষী। ৰামেশ্বৰ তালুকদাৰৰ ভাতৃ মুনুৱে খুলি দিয়া নাছিল ঘৰৰ দুৱাৰ। আৰক্ষীয়ে ঘৰৰ দুৱাৰৰ লক ভাঙি ভিতৰত সোমাবলৈ গ্ৰহণ কৰিছিল ব্যৱস্থা। ভূমাফিয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে অভিযান।
৩. গোৱালপাৰাৰ নলংগা থেপকাইত উত্তেজনা। এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি। মিৰাজুল হক ভূঞা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। প্রেমিকাৰ আত্মীয়ৰ বিৰুদ্ধে মিৰাজুলক হত্যাৰ অভিযোগ। এটা পুখুৰীত উদ্ধাৰ মিৰাজুল হক ভূঞাৰ মৃতদেহ। উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰিলে প্রেমিকাৰ পৰিয়ালৰ বাসগৃহ। আৰক্ষীক মৃতদেহ চমজি লোৱাত বাধা উত্তেজিত ৰাইজৰ। উত্তেজিত ৰাইজে জ্বলাই দিয়ে প্রেমিকাৰ পৰিয়ালৰ তিনিটাকৈ বাসগৃহ।
৪. শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত ড: বিনয় কুমাৰ শইকীয়া। ড: বিনয় কুমাৰ শইকীয়া হ’ল এই সন্মান লাভ কৰা পঞ্চমজন অসমীয়া । ১৯৮৯ ত এই বঁটা লাভ কৰিছিল মিহিৰ কান্তি চৌধুৰীয়ে। জিতেন্দ্ৰ নাথ গোস্বামীয়ে ১৯৯৪ ত লাভ কৰিছিল এই বঁটা। ১৯৯৫ ত ভুপেন্দ্ৰ নাথ গোস্বামী আৰু ২০০১ চনত প্ৰশান্ত গোস্বামীয়ে লাভ কৰিছিল এই বঁটা
৫. পঞ্জাৱৰ মুখ্যমন্ত্ৰী ৰূপে চৰণজিৎ সিং চন্নীয়ে দায়িত্ব গ্ৰহণৰ পাছতে দেওবাৰে ৫জন নতুন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। ইফালে, কেবিনেটত ৬জন নতুন সদস্য অন্তৰ্ভুক্ত কৰা হৈছে। এই ৬জন ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং চৰকাৰৰ সময়ত মন্ত্ৰী পদবীত নাছিল। এই নতুন মন্ত্ৰী কেই গৰাকীৰ ভিতৰত আছে ৰাণা গুৰজিৎ সিং। কিন্তু তেওঁক লৈ কংগ্ৰেছৰে একাংশই আপত্তিও জনাইছে।
৬. ব্রহ্মপুত্রত সন্ধানহীন ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ। ব্রহ্মপুত্রত সন্ধানহীন হৈছিল চাৰিজন ছাত্র। টিউচন কৰি ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল ছাত্রকেইজন। মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছিল এই ঘটনা। পাণ্ডু ঘাটত উদ্ধাৰ হৈছিল সন্ধানহীন ছাত্রকেইজনৰ স্কুল বেগ, জোতা। পৰিয়ালৰ লোকে চিনাক্ত কৰে বেগ আৰু জোতা। সন্ধানহীন ছাত্র কেইজন আছিল দয়াল শ্বেখ, অভিনাশ দাস, জিৎ দাস আৰু দ্বীপ সৰকাৰ।
৭. সমগ্র কাৰ্বি আংলং জিলা কঁপাই যোৱা দুই কণমানি কিশোৰীৰ হত্যা কাণ্ডৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰ। কাৰ্বি পাহাৰৰ কয়লামাটিৰ দৈগ্ৰোঙ নদীত মাছ মাৰিবলৈ যাওঁতে হত্যা কৰিছিল দুই কিশোৰীক। এটা ১৬ বছৰীয়া নাবালকে হত্যা কৰিছিল দুই কণমানি কিশোৰীৰ। নাৰকীয় হত্যা কাণ্ডৰ সংঘটিত কৰা ল’ৰাজন একেখন গাঁৱৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে। হত্যাকাণ্ডৰ মূল অভিযুক্ত ১৬ বছৰীয়া এজন নাবালক ডিলাইৰ পৰা আটক কৰে আৰক্ষীয়ে। প্ৰথমে কিশোৰী গৰাকীক ধৰ্ষণ কৰিবলৈ লওঁতে কিশোৰী গৰাকীয়ে টনা আজোৰা কৰাত নিৰ্মমভাৱে হত্যা কৰি পেলাই দিয়ে। তাৰ পিছতে সকলোবোৰ কাণ্ড দেখি থকা আনগৰাকী কিশোৰীকো হত্যা কৰে কিশোৰজনে। সম্পূৰ্ণ এমাহৰ অন্ততঃ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হত্যাকাৰীক। বৰ্তমান ১৬ বছৰীয়া নাবালক জনক ডিফুলৈ প্ৰেৰণ কৰা হৈছে।
৮. হোজাইত ১৪৪ধাৰা জাৰি। আগন্তুক দুৰ্গা পূজা, দীপাৱলী উৎসৱ উপলক্ষে এই ঘোষণা। জনসাধাৰণৰ শান্তি, শৃংখলা আৰু নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত। ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত এই নিৰ্দেশ জাৰি। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশ।
৯. দশক দশকজোৰা প্ৰতীক্ষাৰ অন্ত পৰিব। অৱশেষত মাজুলীবাসীৰ সপোন বাস্তৱ হোৱাৰ দিশে । নাও দুৰ্ঘটনাৰ পাছতে অধিক ততপৰতাৰে আৰম্ভ হব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম। প্ৰাপ্ত খবৰ অনুসৰি, ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম। ইতিমধ্যে চেন্নাইৰ পৰা পৰ্যায়ক্ৰমে অনা হৈছে দলং নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰীসমূহ। দক্ষিণপাটত স্থাপন কৰা হব প্ৰথমটো খুটাঁ।
১০. APDCLৰ নিযুক্তি কেলেংকাৰিত অভিযুক্তক ন্যায়িক জিম্মালৈ। ১০ অভিযুক্তক দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। উল্লেখ্য যে, যোৱা শনিবাৰে ১০জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছিল APDCLৰ অধ্যক্ষৰ OSD দিপাংকৰ শইকীয়া। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ২৪ছেপ্তেম্বৰৰ নিশা অভিযান চলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lZP5Gv
via IFTTT
Comments
Post a Comment