দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী কনমানিৰ সহায়ৰ বাবে হাতত দানপাত্ৰ লৈ আগবাঢ়ি আহিল এদল যুৱক…

ডিজিটেল সংবাদ, কাকডোঙাঃ দেৰগাঁৱৰ বানেগৰকা ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১ নং গড়মৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কনমানিৰ পখিলা খেদাৰ বয়সতে আক্ৰান্ত হৈছে দুৰাৰোগ্য ব্যাধিত।অতি দৰিদ্ৰ পৰিয়ালৰ মনোজ সেনাপতি আৰু পৰিণীতা সেনাপতিৰ দুবছৰীয়া কন্যা শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত।ইতিমধ্যে এটি চকু জীৱনৰ বাবে হেৰুৱাই পেলাব লগা হোৱা এই কণমানি জনীক সুস্থ কৰি তুলিবলৈ লাগে আপোনাৰ মোৰ অকণমান সহানুভূতি।

এই উদ্দেশ্যেই আজি গড়মৰা গাঁৱৰ এদল যুৱক হাতত দানপাত্ৰ লৈ ওলাই আহে কণমানি জনীক সুস্থ কৰি তুলিবলৈ ৰাইজৰ সহায় বিচাৰি।আপোনাৰ মোৰ অকনমান সহায়ে হয়তু কনমানি জনীৰ লগতে পৰিয়ালটোৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হব।ৰাইজৰ মাজলৈ সামান্যতম সহাৰি বিচাৰি ওলাই অহা যুৱকৰ দলটিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কণমানি জনীক সুস্থ কৰি তুলিবলৈ সহায় বিচাৰি কাতৰ আহ্বান জনোৱাৰ লগতে কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে এছ বি আই দেৰগাঁও শাখাৰ একাউণ্ট নং ৩৮৩৫০১০৯৬৩২ নাইবা ৯৩৬৫৮৫১৬১৩ পৰিয়ালৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CU70Wa
via IFTTT

Comments