১মিনিটত ২৫খবৰ…

১

১. GMCHত ICU দিয়াৰ নামত ৰোগীৰ আত্মীয়ক হাৰাশাস্তি ! ৬ হেজাৰ টকাকৈ সংগ্ৰহ দুৰ্বৃত্তৰ।

২. নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৩. প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক। কাইলৈ ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট।

৪. মানৱ সমাজক লজ্জানত কৰা এটা জঘন্য ঘটনা। ৪ যুৱতী আৰু কিশোৰীক নৰবলিৰ উদ্দেশ্যে কৰিলে বন্দী।

৫. ১ অক্টোবৰৰ পৰা হ’ব নৱম, স্নাতক আৰু স্নাতকোত্তৰ সকলো শ্ৰেণীৰ পাঠদান। ১৯ অক্টোবৰৰ পৰা খুলিব প্ৰাথমিক আৰু হাইস্কুল

৬. নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত। কাগজ কলৰ বাবে ৫৭০ কোটি টকাৰ পেকেজ চৰকাৰৰ।

৭. মৰিগাঁৱত দাহ ৪ কোটি ৮০ লাখ টকা মূল্যৰ ড্ৰাগছ। জ্বলাই দিয়া হল হেৰ’ইন, ক’কেইন, গাঞ্জা, কফচিৰাপকে ধৰি বহু নিচাযুক্ত সামগ্ৰী।

৮. অবৈধ বেদখলৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান। বিহালীৰ কালী মন্দিৰত সেৱা আগবঢ়াই এই মন্তব্য মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

৯. ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচন। ২ নৱেম্বৰত হ’ব ভোটগণনা।

১০.এতিয়াৰে পৰা ফেৰীৰ টিকটৰ বাবে অপেক্ষা কৰি দিন-ৰাতি একাকাৰ কৰিব নালাগে মাজুলীবাসীয়ে। আৰম্ভ হ’ল ফেৰীৰ ই-টিকটৰ ব্যৱস্থা।

১১. কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিল স্বয়ং আৰক্ষী। সন্তানক শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ অভিযোগত জালত পৰিল ৩ আৰক্ষী।

১২. ওদালগুৰিত ১২ ULB উগ্ৰপন্থী কেডাৰৰ আত্মসমৰ্পণ, ভাৰত-ভূটান সীমান্তৰে বাদলাপাৰাত প্ৰৱেশ।

১৩. মাজুলীৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰী। প্ৰথমে ইন্দ্ৰেশ্বৰ বৰাৰ সমাধিত সেৱা জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই।

১৪. ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতামূলক অভিযান। বকোৰ হাহিমত অনুষ্ঠিত হয় এই সজাগতামূলক অভিযান।

১৫. ছহিদ কনকলতা বৰুৱাৰ ভাতৃৰ গৃহত মুখ্যমন্ত্ৰী। কালীচৰণ বৰুৱাৰ বাসগৃহত উপস্থিত হ’লগৈ হিমন্ত বিশ্ব শৰ্মা।

১৬. বালিপৰাৰ মোলানপুখুৰী গাঁৱত ৰোগীৰ বিলৈ। ঠেলাত ৰোগীক উঠাই চিকিত্‍সালয়লৈ নিবলৈ বাধ্য হ’ল গঞা।

১৭. কংগ্ৰেছৰ ভুল নীতিৰ বাবেই মিত্ৰতা নহ’ল: অখিল। উপ-নিৰ্বাচনক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল।

১৮. মঙলবাৰে কলকাতাৰ পৰা শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেব।

১৯. বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকলৈ যাত্ৰাৰ পথত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মন্ত্ৰীসকলে ভ্ৰমণ কৰিছে বিভিন্ন জিলা।

২০. মঙলবাৰে মাজনিশাৰ পৰা বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ ঘোষণা- আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবেই বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য।

২১. কৃষকক চৰম প্ৰৱঞ্চনা চৰকাৰীভাৱে অনুমুদিত ধান ক্ৰয় কেন্দ্ৰৰ।মৰাণৰ খোৱাঙত অৱস্থিত ধান ক্ৰয় কেন্দ্ৰই নিকিনে কৃষকৰ ধান।

২২. বকোত অবৈধ বালি খননকাৰ্যৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত জব্দ ৭টা বালি উঠোৱা পাৱাৰ পাম।

২৩. কৰিমগঞ্জত অব্যাহত অবৈধ বালি খননকাৰ্য। লংগাই নৈত মেচিনেৰে চলিছে বালি খননকাৰ্য।

২৪. ৰাজ্যৰ পাঁচ সমষ্টিত এতিয়া উপ-নিৰ্বাচনৰ বতাহ। মনোনয়ন দাখিলৰ বাবে মাজত মাত্ৰ এটা সপ্তাহ।

২৫. ৰাকেশ পালৰ দিনত সংঘটিত APSC কেলেংকাৰিৰ গোচৰত পুনৰ নতুনকৈ জালত পৰা সম্ভাৱনা ২০-২২ জনৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D26u8B
via IFTTT

Comments