ঢকুৱাখনা মহকুমা কল্যান বিভাগৰ স্মাৰ্ট ফোন বিতৰণ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমা কল্যান বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত চাহ  আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ডৰ সহযোগত মহকুমা কল্যান বিভাগৰ অধীনৰ  চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰ সকলৰ মাজত সোমবাৰে স্মাৰ্ট ফোন বিতৰণ কৰা হয়। সোমবাৰে বিয়লি লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা  ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি গুৰনেইল সিঙৰ পৌৰহিত্যত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত  , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , মহকুমা কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন , চাহ বাগিচাৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ( টি জি টি) মেগনাথ কিস্কু আদি উপস্থিত থাকে।

সভাতেই মহকুমাটোৰ একমাত্ৰ বাগান মধুপুৰ চাহ বাগিচাৰ মুঠ ১৫ গৰাকী চাহ বাগিচা চৰ্দাৰ আৰু লাইন চকীদাৰক চৰকাৰী ভাবে স্মাৰ্ট ফোন  বিতৰণ কৰা হয়। বিতৰণ অনুষ্ঠানত  মধুপুৰ চাহ বাগানৰ চৰ্দাৰ সকলক চৰকাৰী ভাবে আৱন্টন দিয়া এনে স্মাৰ্ট ফোনৰ উপৰিও অনাগত সময়ত বাইচাইকেল প্ৰদানৰো  আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দি চাহ শ্ৰমিক সকলৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমুখী বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোকপাত কৰে প্ৰশাসনীয় বিষয়া সকলে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZEwcS8
via IFTTT

Comments