পুৱাৰ খবৰ…

১. আৰক্ষীৰ শীৰ্ষ প্ৰশাসনত ৰদবদল। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালক অতিৰিক্ত দায়িত্ব। অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালকৰ দায়িত্ব আগৰৱালক।
২. পাঞ্জাৱৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্ অমৰিন্দৰ সিঙৰ। অমিত শ্বাহৰ বাস ভৱনত সাক্ষাত্ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। প্ৰায় ৫০ মিনিট ধৰি ৰুদ্ধদ্বাৰ বৈঠকত বহিল দুয়ো।
৩. গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগ অধ্যাপক অমিত পাণ্ডেৰ বিৰুদ্ধে। হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে।
৪. ওদালগুৰিত ১২ ULB উগ্ৰপন্থী কেডাৰৰ আত্মসমৰ্পণ। ভাৰত-ভূটান সীমান্তৰে বাদলাপাৰাত প্ৰৱেশ। ডিমাকুছি থানাত আত্মসমৰ্পণ কেডাৰকেইজনৰ।
৫. ঢলপুৰেই নহয় এই অক্টোবৰতে উচ্ছেদ অভিযান চলিব লামডিং বনাঞ্চলত। চৰকাৰ নহয় এইবাৰ এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। দীৰ্ঘদিন বিৰতিৰ মূৰত সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত ধৰা দি এই বিস্ফোৰক বাৰ্তা দিলে প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱে।
৬. অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰবন্ধন গোট বটদ্ৰৱাৰ অন্তৰ্গত মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত বুধবাৰে বটদ্ৰৱাৰ সৰুহিছা মুকলি মঞ্চত অসম গ্ৰামীণ এক্সপ্ৰেছ আৰু ধূপকাঠি উদ্যোগৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী নিত্যঞ্জলী দাস বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকি বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মন্টু ডেকাই গ্ৰামাঞ্চলৰ মহিলা সাৱলীকৰণ আৰু স্বাৱলম্বীতাৰ বাবে চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনি সমূহৰ বিষয়ে তথ্য দাঙি ধৰে।
৭. ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ৰক্তৰে ৰঞ্জিত ইতিহাস প্ৰসিদ্ধ গহপুৰত আজি কেইবাটাও কাৰ্য্যসূচী লৈ পদাৰ্পন কৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গহপুৰলৈ অহা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত গহপুৰ সমষ্টিক জাকত-জিলিকা কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও উত্তৰ অসমৰ জাগ্ৰত দেৱালয় হিচাপে পৰিচিত শ্ৰীশ্ৰী মা কল্যানী দেৱালয়খনক পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি উল্লেখ কৰে।
৮. অহা কাইলৈ ৩০ ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত ধেমাজি নগৰৰ প্ৰায় এক কিলো মিটাৰ নিলগত বুধবাৰে বিয়লি প্ৰায় ৪ .৩০ বজাত হোৱা হত্যাকাণ্ডৰ ঘটনাই গোহাঁই গাওঁৰ লগতে ধেমাজি নগৰখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে ধেমাজি গোহাঁই গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষক বৃকোধৰ বৰগোহাঁইক(৬১) একে গাঁৱৰে চুবুৰীয়া গোপাল চিৰিং নামৰ লোকজনে এখন কোৰেৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ ৰাইজে ঘটনাৰ পিছতেই ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষনা কৰে ৷
৯. নগাঁও চহৰৰ ফৌজদাৰী পট্টী কীৰ্তনঘৰ পথ নিৱাসী বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ নলীনী কুমাৰ বৰাৰ যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা নিজ বাসগৃহত বিয়োগ হয়। ৭৩ বছৰীয়া চিকিৎসক বৰা বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ হেতু ঘৰতে চিকিৎসাধীন হৈ আছিল। নগাঁও জিলাৰ দক্ষিণপাট বৰজহা গাঁৱত জন্মগ্ৰহণ কৰা ডা০ নলীনী কুমাৰ বৰা অসম চৰকাৰৰ সহকাৰী মূখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মৰত হৈ যোৰহাটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
১০. দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনি শিমলাকান্ধীত আজি বিয়লি প্ৰায় প্ৰায় ৩ বজাত দুটি কনমানি শিশু ব্ৰহ্মপুত্ৰ নদীত গা ধূবলৈ গৈ দুয়ো নিখোজ হয় যদিও স্থানীয় ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে আন এটি শিশুক এতিয়ালৈ উদ্ধাৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে শিমলাকান্ধী গাঁৱৰ নুৰ ইছলামৰ দুই কনমানি পুত্ৰ ক্ৰমে জাহিৰুল সেখ (৮) আৰু ছাইফুল সেখ (৭) আন একাংশ সহযোগীৰ সৈতে গা ধূবলৈ ঘৰৰ পিছফালে থকা ব্ৰহ্মপুত্ৰ নদীত যায়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3umyD7c
via IFTTT
Comments
Post a Comment