বকোত সাতটাকৈ বালি খনন কৰা মেচিন জব্দ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙ্গল বাৰে সন্ধিয়া বনবিভাগে ৭টাকৈ বালি খনন কৰা মেচিন জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়া আৰু শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকো ৰৌমাৰীত শিংৰা নদীৰ পৰা বালিখনন কৰা সাতটাকৈ মেচিন বামুণীগাঁব বন সুৰক্ষা বাহিনী, শিংৰা বনাঞ্চলিক আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে অভিযান চলাই জব্দ কৰে । জব্দ কৰা মেচিন কেইটা সম্প্ৰতি বামুণীগাওঁ বন সুৰক্ষা বাহিনীৰ কাৰ্যালয়ত ৰাখিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ie1HZA
via IFTTT
Comments
Post a Comment