নগাঁও আৰক্ষীৰ জালত পৰিল মষ্ট ৱান্টেড হাফিজ উদ্দিন…

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও আৰক্ষীৰ মষ্ট ৱাণ্টেড হাফিজ উদ্দিনক গ্ৰেপ্তাৰ বটদ্ৰৱা আৰক্ষীৰ। অসামাজিক কাৰ্য্যকলাপেৰে আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰিছিল হাফিজ উদ্দিনে। তীৰ, নাৰী, নিষিদ্ধ ড্ৰাগছৰ অবৈধ ব্যৱসায়েৰে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল এই কুখ্যাত অপৰাধী হাফিজ উদ্দিনে। পূৰ্বেও বহুবাৰ নাৰী সৰবৰাহ আৰু নিষিদ্ধ ড্ৰাগছ সৰবৰাহ লগত জড়িত থকাৰ অভিযোগত কেইবাৰো জেল হাজোতলৈ গৈছিল। আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনে পলাই থকা হাফিজ উদ্দিনক বটদ্ৰৱাৰ কদমনিৰ পৰা গোপন সূত্ৰৰ পম খেদি নিশা আটক কৰে আৰক্ষীয়ে। ইফালে হাফিজ উদ্দিনৰ অন্য এটা সহযোগী নাচিৰ উদ্দিনক বটদ্ৰৱাৰ ৰামপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CPtFmo
via IFTTT

Comments