বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ নলিনী কুমাৰ বৰাৰ বিয়োগত শোক…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও চহৰৰ ফৌজদাৰী পট্টী কীৰ্তনঘৰ পথ নিৱাসী বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ নলীনী কুমাৰ বৰাৰ যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা নিজ বাসগৃহত বিয়োগ হয়। ৭৩ বছৰীয়া চিকিৎসক বৰা বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ হেতু ঘৰতে চিকিৎসাধীন হৈ আছিল। নগাঁও জিলাৰ দক্ষিণপাট বৰজহা গাঁৱত জন্মগ্ৰহণ কৰা ডা০ নলীনী কুমাৰ বৰা অসম চৰকাৰৰ সহকাৰী মূখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মৰত হৈ যোৰহাটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ চিকিৎসক হিচাপে সেৱা আগবঢ়োৱা ওপৰিও বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল।
বিশেষকৈ বাৰপূজীয়াৰ অঞ্চলত সুদীৰ্ঘ ২৬ বছৰ কাল সেৱা আগবঢ়াই অঞ্চলটোৰ লোক সকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ নলীনী কুমাৰ বৰাৰ বিয়োগত নগাঁও জিলা মেডিকেল এছচিয়েছন, ফৌজদাৰী পট্টী নামঘৰ সমাজ, আৰু বাৰপূজীয়া অঞ্চলৰ বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ডা০ নলীনী কুমাৰ বৰাই, পত্নী, তিনি গৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3F76u9g
via IFTTT
Comments
Post a Comment