দৰং জিলাৰ ধলপুৰত মানব অধিকাৰ সংস্থা উপস্থিত…

ডিজিটেল সংবাদ, দুমুনিচকী: দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধলপুৰত দেওবাৰে ‘এচোচিয়েছন ফৰ প্ৰটেক্সন অৱ চিভিল ৰাইট’ চমুকৈ APCR নামৰ মানৱধিকাৰ সংস্থাৰ নেতৃবৰ্গ উপস্থিত হয়। উচ্ছেদিত পৰিয়ালৰ লোক সকলৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ উপস্থিত হোৱা সংস্থাটোৰ অসম শাখাৰ উপ সভাপতি নজমুল ইছলাম মাজাৰভূঞা আৰু সহঃসম্পাদক চফিউল ইছলামৰ উপৰি সংস্থাটোৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে। ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ লোক সকলৰ সৈতে ভাব বিনিময় কৰাৰ অন্তত উচ্ছেদিত স্থানত চৰকাৰে ঘোষণা কৰা কৃষি প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত উপঃসভাতি নজমুল ইছলামে উক্ত প্ৰকল্প স্থাপন চৰকাৰৰ এক ভুৱা প্ৰচাৰ বুলি আখ্যা দিয়ে।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষি প্ৰকল্প স্থাপনৰ কথা কৈ হকে বিহকে বেদখলকাৰী বুলি জ্ঞান কৰা তথা ধলপুৰৰ খাটি খোৱা লোকৰ বাসগৃহ সমুহ উচ্ছেদ কৰাহে মুল উদ্দেশ্য বুলি প্ৰকাশ কৰে। ধলপুৰ অঞ্চলৰ কৃষক সকলে বছৰটোৰ ভিতৰতে কেইবাবিধো কৃষি উৎপাদন কৰি আহিছে। কিন্তু তাৰ পিছতো স্থানীয় লোকসকলৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰি, বাসগৃহ উচ্ছন কৰি কৃষি প্ৰকল্প স্থাপন কৰিব বিচৰা কাৰ্য্যত গভীৰ ৰহস্য ঘনীভূত হৈ থকা বুলি উল্লেখ কৰে। যাৰবাবে উচ্ছেদিত স্থানত উপস্থিত হৈ নীতি বহিৰ্ভূতভাৱে সংঘটিত সকলো ঘটনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলি সংস্থাটোৰ নেতৃবৰ্গ এক প্ৰকাৰ অংগীকাৰবদ্ধ হয়।

ইফালে, পূৰ্বৰে পৰা উক্ত ভুমি বেদখল কৰা হোৱা নাই বুলি ধলপুৰৰ স্থানীয় লোকে কৈ থকাৰ পিছতো চৰকাৰ তথা প্ৰশাসনৰ লোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত লোক সকলে। যাৰ ফলত উচ্ছেদিত পৰিয়ালৰ লোকে ভুমি ক্ৰয় কৰা দলিল সমুহ হাতে হাতে লৈ অসমীয়া প্ৰতিদিনৰ কেমেৰাৰ সন্মুখত দাঙি ধৰে। যাৰ বাবে উক্ত চৰকাৰী ভুমি- সানোৱা, কুৰুৱা, গৰুসূটি, খলিহৈ আদি অঞ্চলৰ একাংশ লোকে মোটা অংকৰ বিনিময়ত বিক্ৰী কৰাটো স্পষ্ট হৈ পৰে।

উল্লেখ্য যে, উচ্ছেদিত পৰিয়াল সমুহে যদি চৰকাৰী ভূমি ক্ৰয় কৰি ভূমি নীতি ভংগৰে অপৰাধ সংঘটিত কৰিছে তেন্তে উল্লেখিত অঞ্চলৰ এজন লোকে ২০ বিঘাৰ পৰা ৩০ বিঘালৈকে চৰকাৰী ভুমি বিক্ৰী কৰি লক্ষ লক্ষ টকা লাভ কৰা কাৰ্য কিমানদূৰ সমীচীন সেয়া এক বিচাৰ্য্যৰ বিষয় হৈ পৰিছে। আমাৰ হাতত পৰা তথ্য আৰু চৰকাৰী ভুমি ক্ৰয় কৰা ভুক্তভোগী লোকৰ ভাষ্য অনুসৰি উক্ত চৰকাৰী ভুমি কেৱল একাংশ সুবিধাবাদী লোকেই যে বিক্ৰী কৰিছে সেয়া নহয়। বৰঞ্চ অবৈধ নাগৰিকৰ উপৰি ভুমি বেদখল কৰা বুলি আস্ফালন কৰি বেদখলকাৰীক উচ্ছেদ কৰাৰ শ্লগান দিয়া তথাকথিত গোৱাল সন্থাৰ উপৰি সন্থাটোৰ বিষয় ববীয়াইও লক্ষ লক্ষ টকাৰ বিনিময়ত চৰকাৰী ভুমি বিক্ৰী কৰাৰ তথ্যসহ পোহৰলৈ আহিছে।

ধলপুৰৰ লগতে নিকটৱৰ্ত্তী খলিহৈস্থিত চৰকাৰী ভুমি নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে বিক্ৰী কৰা দলিল পৰ্যন্ত মজুত থকা বুলি ভুক্তভোগী ধলপুৰ বাসী লোকে জানিবলৈ দিয়ে। ধলপুৰ, খলিহৈ আদি অঞ্চলৰ বিভিন্ন চৰকাৰী ভুমি বিক্ৰী কৰা তথ্য সম্প্ৰতি আমাৰ হাতত পৰিছে। ইয়াৰ ভিতৰত জনৈক ৰাজবংশী উপাধিৰ এজন লোকে চাৰি বিঘা ভুমি মুঠ ২ লাখ ২৪ হাজাৰ ৪শ টকাত অহাব আলী নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰি সমুদায় টকা আদায় লয়। বিগত ১০/৪/২০১০ তাৰিখে লিখা হোৱা উক্ত ভুমি বিক্ৰী কৰা দলিন খনে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভুমি যে ব্যাপক ভাৱে ক্ৰয় বিক্ৰয় হৈছে এয়া এটা উদাহৰণ মাত্ৰ। সেয়েহে পৃথিবী উলতি গলেও উচ্ছেদ বন্ধ নকৰোঁ বুলি ওফাইদাং মাৰা দৰঙৰ এছ পি সুসান্ত বিশ্ব শৰ্মাৰ লগতে উচ্ছেদৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ লক্ষ টকাৰ বিনিময়ত চৰকাৰী ভুমি ক্ৰয় বিক্ৰয় কৰা বিষয় সন্দৰ্ভত তদন্তৰ দাবী জনাই দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে পশ্চিম দৰং আৰু পূব-কামৰূপ অঞ্চলৰ সচেতন ৰাইজে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zILbXw
via IFTTT

Comments