পুনৰ বাঢ়িল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰ অৰ্থাৎ ২৮ ছেপ্টেম্বৰ, ২০২১ত দেশত ইন্ধনৰ মূল্য বাঢ়িছে। যোৱা ৫ দিনত চতুৰ্থ বাৰলৈ ডিজেলৰ মূল্য বৃদ্ধি পাইছে। আজি ডিজেলত ৭৫ পইচা বৃদ্ধি পোৱাৰ লগতে পেট্ৰ’লত ২০ৰ পৰা ২২ পইচা বৃদ্ধি পাইছে প্ৰতি লিটাৰত। অৱশ্যে পেট্ৰ’লৰ মূল্য অৱ্যে প্ৰায় দুমাহৰ পাছত মঙলবাৰে বৃদ্ধি পায়। ইয়াৰ পূৰ্বে ২৪, ২৬ আৰু ২৭ ছেপ্টেম্বৰত ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।

দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লত ১০১.৩৯ টকা আৰু ডিজেলত ৮৯.৫৭ টকা, মুম্বাইত ১০৭.৪৭ টকা পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছেগৈ ৯৭.২১ টকা। একেদৰে কলকাতাতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যৰ ১০১.৮৭ টকা আৰু ডিজেলত এই মূল্য ৯২.৬২ টকালৈ বৃদ্ধি পাইছে। দেশৰ গুৰুত্বপূৰ্ণ মহানগৰ-চহৰসমূহৰ বেছিভাগতে এতিয়া পেট্ৰ’লৰ প্ৰতি লিটাৰত ১০০ টকাৰো অধিক হোৱাই দেখা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3knT7bb
via IFTTT

Comments