অসমীয়াৰ স্বাভিমানত আঘাত: চামগুৰিত তীব্ৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ,চামগুৰি: অসমীয়াৰ স্বাভিমানক অপমান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী বহিৰাগত কোম্পানীৰ ।NHIDCL ৰ জৰিয়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ইতিমধ্যে চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম চলি আছে।পথটোৰ তেলিয়াগাৱঁৰ পৰা ৰঙাগড়া পৰ্যন্ত সম্প্ৰসাৰণৰ কাম লাভ কৰিছিল গংগা সাগৰ নামৰ এটা কোম্পানীয়ে ।

কিন্তু NHIDCL আৰু সেই গংগাসাগৰ নামৰ কোম্পানীটোৱে নগাঁও জিলাৰ চামগুৰিৰ গৌৰৱ তথা চামগুৰি বুলি ক’লে সকলোৰে চিৰ পৰিচিত শিশু উদ্যানত থকা অসমীয়াৰ স্বাভিমান পকী শৰাইৰ লগতে জাপি, পেঁপা আৰু দেৱবাদ্য খোল-তাল সম্বলিত প্ৰতিকৃচিহ্নটো ৰাইজৰ অগোচৰে অত্যাধুনিক হাতোঁৰা লগাই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিষয়টোক কেন্দ্ৰ কৰি চচিয়েল মেডিয়াতো এক আন্দোলনৰ সৃষ্টি হৈছে । বহিৰাগত কোম্পানীটোৰ অসমীয়াৰ স্বাভিমানক ভৰিৰে মোহাৰি পেলোৱা এই হঠকাৰী সিদ্ধান্তক এতিয়া কোনেও সহজভাৱে ল’ব পৰা নাই ।

from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39FP4C8
via IFTTT
Comments
Post a Comment