পশ্চিমবংগৰ ভবানীপুৰসহ ৩ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণঃ ভাগ্য নিৰ্ণয় কৰিব মমতা বেনাৰ্জীৰ…

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ ভবানীপুৰ সহ তিনিটা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰম্ভ হৈছে উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭ বজাৰ পৰা ভোটাৰ ৰাইজে ভোটদান কৰিছে বিধানসভা সমষ্টি কেইটাত। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভবানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যখনৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ লগতে জংগীপুৰ আৰু সমসেৰগঞ্জ সমষ্টিটো হৈছে উপ নিৰ্বাচনৰ ভোটগ্ৰহণ।

উল্লেখ্য যে, কলকাতাৰ ভবানীপুৰ সমষ্টিৰ ৩ লক্ষাধিক ভোটাৰে আজি মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয় কৰিব। এই সমষ্টিটোত মুঠ ২৬৯টা ভোটগ্ৰহণ কেন্দ্ৰত অতি স্পৰ্শকাতৰ। সেয়েহে অতি কটকটীয়া কৰা হৈছে ইয়াৰে নিৰাপত্তা ব্যৱস্থা। এগৰাকী নিৰ্বাচন আয়োগৰ বিষয়াই কয় যে, তিনিওটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ ৭২ টা কোম্পানীৰ জোৱান মোতায়েন কৰা হৈছে। আৰু ৩৫টা কোম্পানীৰ জোৱান কেৱল ভবানীপুৰতে আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3unCPnf
via IFTTT

Comments