মন্ত্ৰী ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ ওপৰত ক্ষুন্ন ধেমাজি অজনজাতীয় দল -সংগঠন…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাখনৰ খিলঞ্জীয়া অজনজাতি লোকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ অনিশ্চিত কৰি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ উদ্দেশ্যতেই যুগ যুগ ধৰি চলি অহা জাতি-জনজাতিৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য- সম্প্ৰতিৰ এনাজৰী ধূলিসাৎ কৰি অতি গোপনে মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই একপক্ষীয়ভাৱে জোনাই মহকুমা আৰু চিচি ৰাজহ চক্ৰত জনজাতি বেল্ট বনাবলৈ বিচৰা কাৰ্য্যকলৈ সমগ্ৰ ধেমাজি জিলাখনৰ দল সংগঠন ৰাইজে তীব্ৰ প্ৰতিবাদ জনাইছে ৷

এই বিষয়লৈ ধেমাজি জিলা খিলঞ্জীয়া অজনজাতি কেইবাটাও দল সংগঠনে শনিবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাৱত এখনি সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেল খনি আঁতধৰে প্ৰস্তাৱিত চিচিবৰগাঁও অসংৰক্ষিত বিধান সভা সমষ্টিৰ সভাপতি তিলক ফুকনে ৷ সংবাদমেল আঁতধৰি ফুকনে কয় যে ধাৰাবাহিক বান- খহনীয়া, অনগ্ৰসৰতা , সীমা সমস্যা আদি গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমাধানৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা আৰু সিদ্ধান্ত লৈ ধেমাজি জিলাত পোন প্ৰথমবাৰৰ বাবে অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেটলৈ আমি আদৰণি জনাইছোঁ ৷

এই কেবিনেটৰ জৰিয়তে ধেমাজি জিলাখনৰ সকলো জাতি- জনগোষ্ঠী তথা সকলো অঞ্চলৰ ৰাইজৰ মাজত এক সামগ্ৰীক উন্নয়নৰ তৰান্বিতি কৰিব সকলোৱেই আশাবাদী বুলি উল্লেখ কৰে ৷ ফুকনে বক্তব্যত ধেমাজি বাসীক উন্নয়নৰ সপোন দেখোৱাৰ বিপৰীতে চৰকাৰে ধেমাজি জিলাৰ জোনাই মহকুমাক সামৰি “জনজাতি বেল্ট ” আৰু চিচিবৰগাঁও ৰাজহচক্ৰৰ ভালেকেইজন পঞ্চায়তক সামৰি ইতিমধ্যে “জনজাতি ব্লক” গঠন কৰিছে আৰু অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া কেবিনেটৰ বৈঠকত জনজাতি বেল্ট বিষয়টো চৰকাৰীভাৱে ঘোষনা কৰিব বুলি প্ৰচাৰ হোৱা ঘটনাই ধেমাজি অজনজাতীয় লোকসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টিৰ কৰিছে ৷ অঞ্চলকেইটাত ৫৩ শতাংশ অজনজাতীয় লোকে বসবাস কৰাৰ পিছতো এনেধৰনে একপক্ষীয়ভাৱে প্ৰস্তাবিত জনজাতি বেল্ট বা ব্লক নিদিবলৈ ফুকনে দাবী জনায় ৷

সংবাদমেলত উপস্থিত থকা সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপ-সভাপতি দুলাল বৰুৱাই ধেমাজি জিলাৰ খিলঞ্জীয়া অজনজাতীয় লোকসকলক আন্ধাৰত ৰাখি কোনো ৰাজহুৱা জাননী ,শুনানী অথবা ৰাজহুৱাকৈ আলোচনা নকৰাকৈ অতি গোপনে ধেমাজি জিলাত “জনজাতি বেল্ট” আৰু “জনজাতি ব্লক ” গঠন কৰা মন্ত্ৰী ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা ৰ এই ৰাজনৈতিক স্বাৰ্থক কেতিয়াও হবলৈ নিদিও বুলি দাবী জনাই প্ৰয়োজন হলে আমি ধেমাজিৰ অজনজাতীয় লোকসকলে জংগী আন্দোলন গঢ়ি তুলিবলৈ সাজু আছো বুলি বক্তব্যত উল্লেখ কৰে ৷

তাই আহোম ছাত্ৰ সন্হাৰ উপ-সভাপতি গৰাকীয়ে তথ্য সহকাৰে সংবাদমাধ্যম দিয়ে যে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে অতি গোপনে জনজাতি বেল্ট আৰু জনজাতি ব্লক গঠন কৰা সম্পৰ্কত MIN/EDN/WPT&BC/2/2021/99 নম্বৰৰ যোগে মন্ত্ৰী গৰাকীয়ে চলিত মাহৰ ১০ ছেপ্তেম্বৰতেই ৰাজহ মন্ত্ৰীলৈ সম্পূৰ্ণ ভূল আৰু কৌশলী তথ্যৰে এক পত্ৰ প্ৰেৰণ কৰে ৷ মন্ত্ৰী ৰনোজ পেগুৰ চিঠিৰ পোৱা পিছতেই ৰাজহ মন্ত্ৰীয়ে বিষয়টো কেবিনেটত সিদ্ধান্ত লবলৈ ব্যৱস্থা গ্ৰহণ কৰে ৷ মন্ত্ৰী ৰনোজ পেগুৱে দিয়া চিঠি ফাদিল হোৱা পিছতেই তেওঁ এই বিষয়টোৰ সৈতে জৰিত থকাৰ কথা স্পষ্ট হৈ পৰে বুলি সদৌ তাই আহোম ছাত্ৰ সন্হাৰ বিষয় ববীয়া গৰাকীয়ে অৱগত কৰে ৷

সংবাদমেলত আহোম জাতীয় গণমঞ্চ অসমৰ উপ-সভাপতি গোলাপ গগৈয়ে বক্তব্যত কয় যে ধেমাজি জিলাৰ সমগ্ৰ জোনাই মহকুমাক সামৰি ‘জনজাতি বেল্ট’ আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ ভালেকেইখন পঞ্চায়তক সামৰি ‘জনজাতি ব্লক’ গঠন কৰা হৈছে আৰু অহা ৩০ ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত চৰকাৰীভাবে ঘোষণা কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈ বুলি আমি বুলি জানিব পাৰিছোঁ ৷ অতি আচৰিত কথা যে অসমৰ একেবাৰে উত্তৰ-পূৱ কোনত অৱস্থিত বৰ্তমানৰ ‘ধেমাজি জিলা’ই সামৰি লোৱা অঞ্চলটো ইতিহাসে ঢুকি পোৱাৰ পূৰ্বৰে পৰাই যোল্ল শতিকাৰ মাজভাগলৈ ‘চুতীয়া’সকলে আৰু বৃটিশ শাসন আৰম্ভ হোৱালৈকে আহোমসকলে শাসন কৰিছিল৷ প্ৰমাণ স্বৰূপে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত দুয়োটা শাসন কালৰ ভালেকেইটা ঐতিহাসিক সমল আৰু বুৰঞ্জীত ঐতহাসিক ঘটনা-পৰিঘটনা কথা উল্লেখ আছে৷

সেয়েহে অঞ্চলটোত উল্লিখিত দুয়োটা জনগোষ্ঠীৰ অনেক লোক থকাৰ উপৰিও বিভিন্ন সময়ত অঞ্চলটোলৈ অসমৰ অনান্য অঞ্চলৰ পৰা খিলঞ্জীয়া লোক, দেশৰ আৰু দেশৰ বাহিৰৰ পৰাও আন আন জাতি-জনগোষ্ঠীৰ লোক আহি জিলাখনত থিতাপি লৈ বসবাস কৰি আছে মন্তব্য কৰে ৷ যুগ যুগ ধৰি জাতি– জনগোষ্ঠীৰ মাজত সমিলমিলেৰে থকা পিছতো হঠাতে এই বিজেপি চৰকাৰে বিভাজন কৰিব বিচৰা কাৰ্য্যত তেওঁ ক্ষোৰধাৰ সমালোচনা কৰে ৷

প্ৰসংগক্ৰমে গগৈয়ে উল্লেখ কৰি কয় যে এই ধেমাজি জিলাৰ জোনাইত অজনজাতি লোকে যুগ যুগ ধৰি বসবাস কৰি থকা পিছতো আজি পৰ্যন্ত তেওঁলোকৰ কোনো এজনৰ নামতেই মাটিৰ পট্ৰা নাই ৷ এতিয়া তেওঁলোকৰ লৰা ছোৱালী স্কুল কলেজত নাম ভৰ্তি কৰাবলৈ কোনো নথিপত্ৰ দিব নোৱাৰি হাহাঁকাৰ অৱস্থা হৈছে ৷ সেইয়ে চৰকাৰে বিষয়টো সুদৃষ্টিয়ে চাই এক উপযুক্ত পদক্ষেপ লবলৈ তেওঁ আহৱান জনায় ৷

ইফালে চিচিবৰগাঁও অসংৰক্ষিত প্ৰস্তাৱিত বিধান সভাৰ সমষ্টিৰ কাৰ্য্যকৰী সভাপতি ক্ষীৰোদ ভূঞাঁই
বক্তব্যত কয় যে জিলাখনৰ দুয়োটা সমষ্টিতেই সামগ্ৰিকভাৱে প্ৰায় ৪৭ শতাংশ জনজাতি আৰু প্ৰায় ৫৩ শতাংশ অজনজাতি লোক বসবাস কৰে৷ তৎস্বত্বেও স্বাধীনতাৰ পিছৰে পৰাই জিলাখনৰ দুয়োটা বিধানসভা সমষ্টি জনজাতিৰ বাবে আজিলৈকে সংৰক্ষিত হৈয়েই আছে৷

যিটো কাৰণে জিলাখনৰ পৰা অজনজাতীয় লোকসকলে আজি পৰ্যন্ত বিধানসভাত প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পোৱা নাই ৷ ইয়াৰউপৰিও জনজাতিসকলৰ বাবে জিলাখনত পৃথকে পৃথকে স্বায়ত্ব শাসিত পৰিষদীয় ব্যৱস্থাও থকা বাবে জনজাতীয় ৰাইজে অতিৰিক্ত সাংবিধানিক সা-সুবিধা পাবলৈ সক্ষম বিপৰীতে সমষ্টি দুয়োটাত খিলঞ্জীয়া অজনজাতি লোকসকলে বহু ক্ষেত্ৰতে বঞ্চিত হ’ব লগা হৈছে৷ আনকি দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবী জনাই আহিছে যদিও অদ্যপি কাৰ্যকৰী কৰা হোৱা নাই বুলি অৱগত কৰে ৷

সংবাদমেলত সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক থানেশ্বৰ বড়াই বক্তব্য প্ৰদান কৰি কয় যে চৰকাৰে কোনো ৰাজহুৱা ঘোষণা, আলোচনা তথা শুনানী নোহোৱাকৈ গোপনে গোপনে ধেমাজি জিলাত ‘জনজাতি বেল্ট’ আৰু ‘জনজাতি ব্লক’ গঠন কৰাটো এক পক্ষীয় সিদ্ধান্ত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৷ যদি এই দৰে ‘জনজাতি বেল্ট’ আৰু ‘জনজাতি ব্লক’ৰ কেবিনেট অনুমোদন দিয়ে তেন্তে বহু খিলঞ্জীয়া অজনজাতি লোকৰ গাঁও, ভেটি-মাটি জনজাতি বেল্টত অন্তৰ্ভুক্তি হৈ পৰিব ৷ যিটোৱে খিলঞ্জীয়া অজনজাতি লোকৰ অধিকাৰ খৰ্ব কৰা হ’ব বুলি উল্লেখ কৰে ৷

সংবাদমেলত প্ৰস্তাৱিত চিচিবৰগাওঁ অসংৰক্ষিত বিধান সভা সমষ্টিৰ উপ-সভাপতি ৰাজীৱ গগৈকে ধৰি বহুকেইটা দল সংগঠনৰ বিষয় – ববীয়াই বক্তব্যত জনজাতীয় লোকসকলক জনজাতি বেল্ট আৰু জনজাতি ব্লক গঠন কৰি দিয়া নামত কোনো কাৰনতে যাতে অজনজাতীয় লোকসকলে হাৰাশাস্তি খাব লগা নহয় তাৰ বাবে চৰকাৰে চকু ৰাখিবলৈ সকলোৱে দাবী জনাইছে ৷

সংবাদমেলত একপক্ষীয় ভাৱে প্ৰস্তাৱিত জনজাতি বেল্ট বা ব্লক গঠন তথা ঘোষণা বন্ধ কৰা , অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰা পৰ্যন্ত অসমত জনজাতি সম্পকীয় কোনো নতুন স্বায়ত্ব শাসিত এলেকা, পৰিষদ,বেল্ট, ব্লক, ষষ্ঠ অনুসুচী আদি প্ৰদান
নকৰা ,দীৰ্ঘদিন ধৰি দাবী জনাই অহা ধেমাজি জিলাৰ প্ৰস্তাৱিত তৃতীয়টো বিধানসভা সমষ্টি– ‘চিচিবৰগাঁও বিধান সভা সমষ্টি’ক সংৰক্ষণ মুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক ,তৎকালেই চিচিবৰগাঁও ৰাজহচক্ৰক সামৰি প্ৰস্তাৱিত ‘চিচিবৰগাঁও মহকুমা’ ঘোষণা কৰা, ধেমাজিৰ বান সমস্যা সমাধানৰ বাবে উপযুক্ত আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অসম চৰকাৰৰ কেবিনেটত তৎকালে উপস্হাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kGuw2w
via IFTTT

Comments