ধুবুৰীৰ গৌৰীপুৰৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কালিবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যুৱক এজনৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ঘটনাস্থলীত আৰক্ষী উপস্থিত। মৃত যুৱকজনৰ নাম মিথুন বৰ্মন ওৰফে বাবলু আৰু তেওঁ পশ্চিমবংগৰ শিতলকুচীৰ গাড়ী চালক বুলি জনা গৈছে।

যোৱা কালি সংগীত ৰেকৰ্ড কৰিবলৈ ৭ জনীয়া দল আহিছিল গৌৰীপুৰ ৰাজবংশী ইণ্ডিয়া ষ্টুডিও লৈ। নিশা অত্যাধিক মদ্যপান পান কৰি অসুস্থ অৱস্থাত শুইছিল ষ্টুডিওৰ ছোপা এখনত। আৰক্ষীয়ে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

বিল্ডিংৰ ওপৰৰ পৰা পৰি যোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, পুৱা প্ৰাত ভ্ৰমণত যোৱা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ অধিক সোধপোচৰ বাবে ৪ জনক থানালৈ নিয়ে গৌৰীপুৰ আৰক্ষীয়ে। আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত ৰহস্য।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kENRBe
via IFTTT

Comments