১মিনিটত ২৫খবৰ…

১

১. কাটিগড়াত সাংবাদিক প্ৰণৱ ৰয়ক বিজেপি নেতাৰ আক্ৰমণ- গৌতম বৈষ্ণৱ নামৰ বিজেপি নেতাজনে প্ৰহাৰ কৰিলে প্ৰণৱ ৰয়ক।

২. পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছত হাহাকাৰ। কেপ্টেইন অমৰিন্দৰ সিঙৰ পিছত পদত্যাগ প্ৰদেশ কংগ্ৰেছ সভাপতিৰ।

৩. অহা বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক।

৪. ধুবুৰীত এইবাৰো এজন শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে ব্যতিক্ৰমী দেৱী প্ৰতিমা। ছিৰিঞ্জ আৰু বেজীৰ জৰিয়তে নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিমাক লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে চৰ্চা।

৫. সন্মুখত উপ-নিৰ্বাচন। মহাজোঁটত মহাখেলিমেলি সৃষ্টি কৰি থাওৰা দখলৰ বাবে আগতীয়াকৈ সাজু হৈছে অখিল গগৈ।

৬. দীপৰ বিলৰ মাজেৰে দ্বিতীয়তো ৰে’লপথ নিৰ্মাণৰ প্ৰক্ৰিয়া অতি সন্তৰ্পনে আৰম্ভ কৰিছে ৰে’ল বিভাগে।

৭. উপ নিৰ্বাচনৰ প্ৰস্তুতিক লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। প্ৰাৰ্থিত্ব বিচাৰি ৬ সমষ্টিত আবেদন ৪৮জনৰ।

৮. বিধায়ক পদ ত্যাগ সৰ্বানন্দ সোণোৱালৰ। সোমবাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন।

৯. মঙলবাৰে পুনৰ APDCL কেলেংকাৰিৰ অন্যতম অভিযুক্ত OSD দীপাংকৰ দিহিঙীয়াক লগত লৈ CM ভিজিলেঞ্চৰ অভিযান।

১০. তেজপুৰৰ মৰাভৰলীৰ পাৰত উচ্ছেদ অভিযান। জনৈক চুলতান নামৰ এজন লোকে সাজিছিল ঘৰ।

১১. গুৱাহাটীত অনুষ্ঠিত হ’ল বিশ্ব জলাতংক দিৱস। পশু চিকিত্সা মহাবিদ্যালয় চৌহদত টীকাকৰণ।

১৩. গৰুখুঁটিৰ বেদখলকাৰীৰ কাষত জমিয়ত, জামাতিসহ AIUDFৰ প্ৰতিনিধি। নিশা GMCHত ধলপুৰৰ আহতক সাক্ষাত্‍ কৰি আগবঢ়ালে ২০ হাজাৰকৈ সাহায্য।

১৪. শাৰদীয় দুৰ্গোত্স‍ৱলৈ মাজত মাত্ৰ ১২ দিন। পূৰ্বৰ দৰে ৰাজ্যবাসীৰ মনত নাই উছাহ-উদ্দীপনা।

১৫. অৱশেষত আত্মসমৰ্পণ কৰিলে মাওবাদী উগ্ৰপন্থী সংগঠনৰ জ্যেষ্ঠ নেতা টিংৰাজ ওৰাঙে। অসম আৰক্ষীৰ বিশেষ শাখাৰ সন্মুখত আত্মসমৰ্পণ কৰে টিংৰাজে।

১৬. নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ ঘৰত তদন্তকাৰী দল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল উপস্থিত নিলম্বিত DIGৰ বাসগৃহত।

১৭. দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত মঙলবাৰে উপস্থিত হ’ল কৃষিমন্ত্ৰী অতুল বৰা।অ়্চলটোত উপস্থিত হৈ কৃষি প্ৰকল্পৰ কামসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীজনে।

১৮. নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে। মাত্ৰ ৩৬ দিনত চাৰ্জশ্বীট দাখিল কৰাত সুখী নন্দিতাৰ পিতৃ-মাতৃ।

১৯. ইতিহাসৰ পাতত ক’লা আখৰেৰে লিখা হৈ ৰ’ব অসমৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। শিলচৰত আজি এই মন্তব্য কৰিলে তৃণমূলৰ সাংসদ সুস্মিতা দেৱে।

২০. নিশাৰ মুষলধাৰ বৰষুণত বুৰিল মহানগৰী। নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন বাট-পথ।

২১. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ সময়ত সান্ধ্য আইনৰ সময়সীমা হ্ৰাস তথা শিথিলকৰণৰ ঘোষণাৰ পিছতে উত্ফুল্লিত এতিয়া পূজা সমিতিসমূহ।

২২. পুনৰ খাকী পোছাকত কলংকৰ দাগ। আচামীৰ পৰা উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী। গ্ৰেপ্তাৰ দক্ষিণ শালমাৰা থানাৰ কিৰামত আলী।

২৩. ধুবুৰী ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ। কেমেৰাৰ সন্মুখতে হতাহতিত লিপ্ত হ’ল এজন লাট মণ্ডল আৰু এগৰাকী মহিলা।

২৪. ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক কণীৰে আক্ৰমণ।

২৫. উত্‍‍কোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল গুলজাৰ হুছেইন।গুৱাহাটীত গ্ৰেপ্তাৰ কৰে ঠেলামৰা ৰাজহ চক্ৰৰ মণ্ডল হুছেইনক।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WjbGFd
via IFTTT

Comments