সিদ্ধুক এতিয়া বুজাব কোনে? নিজৰ সিদ্ধান্তত অটল সিদ্ধুক সৈমান কৰিবলৈ আজি পাঞ্জাৱলৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব…

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ শাসনাধিস্ত কংগ্ৰেছত অন্তঃকন্দলে জুৰুলা কৰিছে। প্ৰদেশখনৰ কংগ্ৰেছৰ সভাপতি হিচাপে নৱজ্যোত সিং সিদ্ধুক দায়িত্ব প্ৰদানৰ লগতে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিংক অপসাৰিত কৰাৰ পিছৰে পৰা বঅন্তঃকন্দলে তীব্ৰ ৰূপ ধাৰণ কৰিছে। অপসাৰিত মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ প্ৰচেষ্টা চলোৱাৰ সময়তে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে নৱজ্যোত সিং সিদ্ধুৱে।

ইফালে কংগ্ৰেছ হাইকমাণ্ডে বৰ্তমানৰ বাবে নৱজ্যোত সিং সিদ্ধুৰ পদত্যাগ প্ৰত্যাখ্যান কৰিছে। ইয়াৰ পূৰ্বে, পঞ্জাৱৰ অন্যান্য নেতাসকলক সিদ্ধুক পদত্যাগ নকৰিবলৈ সৈমান কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছিল। পিছে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কোনো নেতাৰ কথাই সিদ্ধুক পদত্যাগৰ পৰা ৰখাব পৰা নাই। এনে পৰিস্থিতিত পঞ্জাৱ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হৰিশ ৰাৱট এতিয়া পঞ্জাৱত উপস্থিত হৈছে।

তেওঁ সিদ্ধুক তেওঁৰ পদত্যাগ প্ৰত্যাহাৰ কৰিবলৈ সৈমান কৰিব। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা সিদ্ধু, পৰগত সিং আৰু অমৰিন্দৰ সিং ৰাজা ৱাডিঙৰ ঘনিষ্ঠ মন্ত্ৰীসকল পাটিয়ালাত উপস্থিত হৈছিল। ইয়াৰ পিছতে দুয়োজনে কৈছিল যে কিছুমান সমস্যা আছে যিবোৰ বুধবাৰে সমাধান কৰা হ’ব।

ইফালে, পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ চান্নীয়ে বুধবাৰে পুৱা ১০.৩০ বজাত কেবিনেট বৈঠক আহ্বান কৰিছে। এই বৈঠকতে সিদ্ধুক সৈমান কৰাৰ সিদ্ধান্তও ল’ব। কংগ্ৰেছ হাইকমাণ্ডে প্ৰথমবাৰৰ বাবে সিদ্ধুৰ পদত্যাগৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কেচি বেণুগোপালে কৈছে যে চিন্তা কৰাৰ একো কাৰণ নাই। সকলো সোনকালেই ঠিক হৈ যাব।

চৰণজিৎ চান্নীৰ কেবিনেট বৈঠকখন এনে এটা সময়ত আহ্বান কৰা হৈছে যে যেতিয়া চান্নী মন্ত্ৰীসভাৰ বেছিভাগ মন্ত্ৰীয়েই সিদ্ধুৰ পদত্যাগক লৈ অসন্তুষ্ট। সিদ্ধুৱে মঙলবাৰে আবেলি পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে সিদ্ধুৰ সমৰ্থনত কোষাধ্যক্ষ গুলজাৰ ইন্দৰ চাহালে আৰু কেবিনেট মন্ত্ৰী ৰাজিয়া চুলতানাইয়ো পদত্যাগ কৰিছে। ইয়াৰ উপৰিও দলটোৰ সাধাৰণ সম্পাদক যোগেন্দ্ৰ ধিংৰাইও পদত্যাগ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y2z8r2
via IFTTT

Comments