uPDATES- ব্ৰহ্মপুত্ৰত সন্ধানহীন দীপ সাহাৰ সন্ধান এতিয়াও নাই…

ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে ব্ৰহ্মপু্ত্ৰৰ পাণ্ডুঘাটত নিখোজ হোৱা দীপ সাহাৰ সন্ধান এতিয়াও ওলোৱা নাই। উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে যদিও ছাত্ৰগৰাকীৰ সন্ধান লাভ কৰা নাই। উল্লেখ্য যে, ৪গৰাকীকৈ ছাত্ৰ নিখোজ হৈছিল ব্ৰহ্মপুত্ৰত। টিউচনলৈ গৈ ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ৩গৰাকী ছাত্ৰৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ইপিনে দীপ সাহাৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। দেওবাৰে পুৱা ৭বজাতে ওলাই আহি টিউচন কৰি ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল ছাত্ৰকেইগৰাকী। ইয়াৰে পিছতে সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AKWkbE
via IFTTT
Comments
Post a Comment