কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনঃ কমতাপুৰত আনন্দৰ বন্যা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনক আজি কালিপুখুৰী আঞ্চলিক কমিটিৰ কাৰ্যালয় প্ৰাংগনত উষ্ম আদৰণি জনায় । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিচাপে হিতেশ্বৰ বৰ্মন সহিতে ২৭ পাৰিষদে ২৬ ছেপ্টেম্বৰত গুৱাহাটীৰ প্ৰশাসনিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শপত গ্ৰহণৰ পিছতে কমতাপুৰ অঞ্চলত আনন্দ -উলাহৰ সৃষ্টি হৈছে । আজি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনক কালিপুখুৰী আঞ্চলিক কমিটিৰ কাৰ্যালয়ত কেবাখনো আঞ্চলিক কমিটিয়ে উষ্ম আদৰণি জনায় ।
ফটকা ফুটাই , জয়ধ্বনি দি বিপুল আদৰণি জনায় সমৰ্থকসকলে । সম্বৰ্ধনাৰ অন্তত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত সময়ছোৱাত জনগোষ্ঠীটোৰ সৰ্বপ্ৰকাৰৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন এক ঐতিহাসিক সিদ্ধান্ত বুলি মন্তব্যৰে কমতাপুৰত বসৱাস কৰা প্ৰতিটো জাতি -জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নে তেওঁলোকৰ লক্ষ্য আৰু এইক্ষেত্ৰত সকলোকে লৈ আগবাঢ়ি যোৱা হব বুলি উল্লেখ কৰিছে হিতেশ্বৰ বৰ্মনে ।
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনে জনগোষ্ঠীটোৰ সামাজিক , ৰাজনৈতিক , অৰ্থনৈতিক উন্নয়নত প্ৰভূত সহায়ক হব বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনায় হিতেশ্বৰ বৰ্মনে । তদুপৰি কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে ধনাত্মক পদক্ষেপ লব বুলি আশা প্ৰকাশ কৰিছে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kQxTnM
via IFTTT
Comments
Post a Comment