৯মাহত ২২লাখ টকাৰ সম্পত্তি বৃদ্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল ডেস্কঃ যোৱা ৯ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২২ লাখ টকা বৃদ্ধি পাইছে। প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত এক তথ্যত প্ৰকাশ পাইছে এই কথা। ২০২১ চনৰ ৩১ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণে ৩.০৭ কোটি টকালৈ বৃদ্ধি পায়।

২০২০ চনৰ জুন মাহত নৰেন্দ্ৰ মোডীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ২.৮৫ কোটি টকা। যোৱা ৯ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২২ লাখ টকা বৃদ্ধি পায়। আনহাতে নৰেন্দ্ৰ মোদীৰ বেংক বেলেঞ্চ ২০২০ বৰ্ষৰ পৰা ২০২১ বৰ্ষৰ ভিতৰত ১.৫ লাখৰ পৰা ৩.৩৮ লাখলৈ বৃদ্ধি পাইছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CNGVbi
via IFTTT

Comments