দক্ষিণ শালমাৰাৰ টুমনিত ব্ৰহ্মপুত্ৰত গা ধূবলৈ গৈ নিখোজ এটি কণমানি শিশুঃ জীৱন্তে উদ্ধাৰ এজনক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনি শিমলাকান্ধীত আজি বিয়লি প্ৰায় প্ৰায় ৩ বজাত দুটি কনমানি শিশু ব্ৰহ্মপুত্ৰ নদীত গা ধূবলৈ গৈ দুয়ো নিখোজ হয় যদিও স্থানীয় ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে আন এটি শিশুক এতিয়ালৈ উদ্ধাৰ কৰিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে শিমলাকান্ধী গাঁৱৰ নুৰ ইছলামৰ দুই কনমানি পুত্ৰ ক্ৰমে জাহিৰুল সেখ (৮) আৰু ছাইফুল সেখ (৭) আন একাংশ সহযোগীৰ সৈতে গা ধূবলৈ ঘৰৰ পিছফালে থকা ব্ৰহ্মপুত্ৰ নদীত যায়। তেনে সময়ত হঠাত উক্ত ভতৃদ্বয় নিখোজ হৈ পৰে। লগে লগে এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও স্থানীয় ৰাইজে কোনোমতে জাহিৰুল ইছলামক জীৱন্তে উদ্ধাৰ কৰে যদিও ছাইফুল সেখক উদ্ধাৰ কৰিব পৰা নাই।

ঘটনাক লৈ স্থানীয় ৰাইজে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধিয়া প্ৰায় ৭ বজালৈ উদ্ধাৰ কৰি পৰা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছা পৰিছে। ইফালে উদ্ধাৰ হোৱা জাহিৰুল সেখৰ অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিতসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3odVFMu
via IFTTT

Comments