জিন্নাহৰ ৰাজনীতি কৰিছে কেজৰিৱালে, আম আদমী পাৰ্টীৰ নতুন নাম মুছলিম লীগ হোৱা উচিতঃ বিজেপি প্ৰাৰ্থী কপিল মিশ্ৰ

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। অহা ৮ ফেব্ৰুৱাৰীত দিল্লীৰ ৭০ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হ’বলগা নিৰ্বাচনত কোন দলে জয়ৰ ধ্বজা উৰুৱাবলৈ তাক লৈ চলিছে সৰৱ চৰ্চা। এফালে বৰ্তমানৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ ওপৰত ভিত্তি কৰি দিল্লীবাসীৰ পৰা ভোট বিচাৰিছে, আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মুখত ৰাখি নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে বিজেপি। এনে পৰিপ্ৰেক্ষিতত কোন দলে দিল্লীবাসীৰ মনত অধিক প্ৰভাৱ পেলাবলৈ সক্ষম হয়, সেয়া ১১ ফেব্ৰুৱাৰীত ঘোষণা হ’বলগা নিৰ্বাচনৰ ফলাফলেহে নিশ্চিত কৰিব।
কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত নেতা আৰু প্ৰাৰ্থীসকলৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মনোভাৱ যেন অধিক সুস্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ দিল্লীৰ বিধানসভা নিৰ্বাচনক ‘ভাৰত-পাকিস্তানৰ যুদ্ধ’ আখ্যা দিয়া মডেল টাউন সমষ্টিৰ বিজেপি প্ৰাৰ্থী কপিল মিশ্ৰই পুনৰ এবাৰ আম আদমী পাৰ্টীৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে নিৰ্বাচনৰ পূৰ্বে আপে দিল্লীত সন্ত্ৰাস চলাইছে।
সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিজেপিৰ প্ৰাৰ্থী কপিল মিশ্ৰই আম আদমী পাৰ্টীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কয়, ‘দিল্লীত আৰক্ষীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। কেইবাখনো বাহন জ্বলাই দিয়া হৈছে। নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই সমগ্ৰ ঘটনাৰ আঁৰত আছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ।’
আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জিন্নাহৰ দৰে ৰাজনীতি কৰা বুলি অভিযোগ কৰি বিজেপি প্ৰাৰ্থীজনে কয়, ‘আম আদমী পাৰ্টীৰ নতুন আচলতে মুছলিম লীগ হোৱা উচিত।’
প্ৰণিধানযোগ্য যে, পূৰ্বে আম আদমীৰ বিধায়ক কপিল মিশ্ৰই পৰৱৰ্তী সময়ত যোগ দিছিল বিজেপিত। ২০২০ৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত তেওঁক মডেল টাউন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। ইয়াৰ পূৰ্বে ৮ ফেব্ৰুৱাৰীত দিল্লীত ‘ভাৰত-পাকিস্তানৰ যুদ্ধ হ’ব’ বুলি মন্তব্য কৰি বিতৰ্কৰ মাজত সোমায় পৰিছিল এইগৰাকী বিজেপি নেতা।
The post জিন্নাহৰ ৰাজনীতি কৰিছে কেজৰিৱালে, আম আদমী পাৰ্টীৰ নতুন নাম মুছলিম লীগ হোৱা উচিতঃ বিজেপি প্ৰাৰ্থী কপিল মিশ্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RQf1qo
via IFTTT
Comments
Post a Comment